বায়ু প্রদূষণত বাঢ়িব পাৰে এলঝেইমাৰৰ ৰোগৰো আশংকা

নতুন এক গৱেষণাত প্রকাশ পালে ভয়ংকৰ তথ্য

FB IMG 1771916310769

বায়ু প্ৰদূষণক বিশ্বজুৰি দীর্ঘদিনৰ পৰাই শ্বাস-প্রশ্বাসৰ কষ্ট, হৃদৰোগ আৰু কৰ্কটৰ আশংকাৰ স’তে যুক্ত কৰা হৈছে। অৱশ্যে সাম্প্রতিক এক গবেষণাই আন এক ভয়ংকৰ তথ্য সদৰী কৰিছে। প্ৰদূষিত বতাহে কেবল হাওঁফাওঁ বা হৃদযন্ত্রই নহয়, মস্তিষ্কতো গভীৰ প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ দীর্ঘম্যাদী বায়ু প্ৰদূষণৰ সংস্পৰ্শত এলঝেইমাৰৰ ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে বুলি একাংশ বিজ্ঞানীয়ে সতর্ক কৰিছে।

এলঝেইমাৰ হৈছে ডিমেন্সিয়াৰ সবাতোকৈ সাধাৰণ ৰূপ; যি স্মৃতিভ্রংশ, চিন্তাশক্তিৰ অৱনতি আৰু আচৰণগত পৰিৱৰ্তনৰ মাধ্যমেৰে লাহে লাহে ৰোগীক অক্ষম কৰি তোলে। বিশেষজ্ঞৰ মতে, সূক্ষ্ম কণিকা পদার্থ বা PM২.৫- যি গাড়ীৰ ধোঁৱা, উদ্যোগ কাৰখানাৰ নিৰ্গমন, ইন্ধন পোৰাৰ পৰা সৃষ্টি হয়-ৰক্তপ্রবাহৰ মাধ্যমেৰে মস্তিষ্কত উপস্থিত হ’ব পাৰে। এইবোৰ ক্ষুদ্র কণিকাই প্রদাহ সৃষ্টি কৰে আৰু স্নায়ুকোষৰ ক্ষতি ত্বৰান্বিত কৰিব পাৰে।

বিভিন্ন আন্তর্জাতিক গবেষণাত দেখা গৈছে যে যিসকল মানুহে দীর্ঘ সময় বায়ু প্ৰদূষণৰ মাজত বসবাস কৰে, তেওঁলোকৰ মাজত স্মৃতিশক্তি হ্রাস আৰু ক্ষমতাৰ অবনতি তুলনামূলক বেছিকৈ দেখা যায়। কিছু গৱেষণাই ইংগিত দিয়ে যে প্রদূষণে মস্তিষ্কত এমালয়েড প্লাক জমা হোৱাৰ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিব পাৰে, যি এলঝেইমাৰৰ এটা প্রধান বৈশিষ্ট্য।

যদিও এই সম্পর্কে সম্পূর্ণ কাৰণ প্রমাণিত নহয়, তথাপি পৰিসংখ্যাগতভাবে উল্লেখযোগ্য যোগসূত্র পোৱা গৈছে।শিশু আৰু বয়স্কসকল বায়ু প্ৰদূষণৰ প্ৰভাৱত অধিক আশংকাত থাকিব পাৰে। বয়স্কসকলৰ ক্ষেত্ৰত দীর্ঘদিনৰ এক্সপ’জাৰে স্নায়ুতন্ত্রত ক্রণিক প্রদাহ সৃষ্টি কৰে, যি লাহে লাহে স্মৃতিভ্রংশৰ আশংকা বৃদ্ধি কৰে।

আনহাতে, শিশুসকলৰ মস্তিষ্ক বিকাশৰ সময়ত প্ৰদূষণৰ প্রভাবে ভবিষ্যতে জ্ঞানৰ সমস্যাৰ ভেটি তৈয়াৰ কৰিব পাৰে।একাংশ বিশেষজ্ঞই দাবী কৰিছে যে নগৰীকৰণ আৰু যানবাহনৰ সংখ্যা বৃদ্ধিৰ লগে লগে প্ৰদূষণৰ মাত্রাও বাঢ়িছে, যি জনস্বাস্থ্যৰ বাবে বিৰাট ভাবুকি।

কেৱল ব্যক্তিগত নহয়, সামাজিক আৰু নীতিগত পর্যায়তো পদক্ষেপ জৰুৰী। পৰিচ্ছন্ন ইন্ধনৰ ব্যৱহাৰ, গণ পৰিবহণ উন্নয়ন, উদ্যোগ নির্গমন নিয়ন্ত্ৰণ আৰু সেউজীকৰণ বৃদ্ধি- এইবোৰ উদ্যোগ দীর্ঘম্যাদত মস্তিষ্কৰ স্বাস্থ্যৰক্ষাত সহায়ক হ’ব পাৰে।

ব্যক্তিগত পর্যায়ত আশংকা কমাবলৈ কিছু পদক্ষেপ লোৱা যাব পাৰে। যেনে- প্ৰদূষণৰ দিনা বাহিৰত কম সময় থকা, প্রয়োজনত মানসম্মত মাস্ক ব্যৱহাৰ, ঘৰত এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ আৰু নিয়মিত স্বাস্থ্য পৰীক্ষা কৰা। সমান্তৰালকৈ স্বাস্থ্যকৰ খাদ্যাভ্যাস, নিয়মিত ব্যায়াম আৰু মানসিক চর্চাই মস্তিষ্কক সুস্থ ৰখাত সহায় কৰে।

গৱেষকসকলে জোৰ দি কৈছে যে বায়ু প্রদূষণ কেৱল পৰিৱেশগত সমস্যা নহয়, ই এক গুৰুতৰ স্নায়ুবৈজ্ঞানিক জনস্বাস্থ্য সংকটো হ’ব পাৰে। এলঝেইমাৰৰ ৰোগৰ দৰে জটিল ৰোগৰ আশংকা কমাবলৈ প্রদূষণ নিয়ন্ত্রণত সমন্বিত উদ্যোগৰ প্ৰয়োজন। ভবিষ্য প্ৰজন্মৰ সুস্থ মস্তিষ্ক নিশ্চিত কৰিবলৈ এতিয়াই কাৰ্যকৰী পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা আছে।

Exit mobile version