বলিউডৰ মহাতাৰকা অভিনেতা শ্বাহৰুখ খান সম্প্রতি নতুন ছবি ‘কিং’ৰ বাবে চৰ্চাত আছে। শ্বাহৰুখ বলিউডৰ এজন অতি কর্মব্যস্ত আৰু পৰিশ্ৰমী অভিনেতা হিচাপে পৰিচিত। শ্বাহৰুখৰ কৰ্মস্পৃহাৰ সন্দৰ্ভত এক গোপন তথ্য সম্প্রতি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে অভিনেতা গোবিন্দ নামদেৱে।
শ্বাহৰুখৰ স’তে একেলগে কাম কৰাৰ অভিজ্ঞতাৰ কথা সামাজিক মাধ্যমত শ্বেয়াৰ কৰি নামদেৱে এইদৰে ক’লে, ‘বলিউডৰ চলচ্চিত্ৰৰ উদ্যোগত এজনে এনে অভিনেতা আছে, যিজনে প্রায় ২০ ঘণ্টা কাম কৰে আৰু তিনি-চাৰি ঘণ্টাহে নিদ্ৰা গ্ৰহণ কৰে। ইয়াৰ মাজতে তেওঁ ব্যায়ামো কৰে। আন অনুষ্ঠানতো অংশ লয়। তেওঁৰ স্বাস্থ্যৰ সমস্যা বিশেষকৈ মেৰুদণ্ডৰ সমস্যা আছে, কিন্তু ইয়াৰ পাছতো শ্বাহৰুখে ২০ ঘণ্টালৈকে দৈনিক কাম কৰি আহিছে।’
উল্লেখ্য যে নামদেৱে ২০০০ত মুক্তি লাভ কৰা ‘ফিৰ ভী দিল হে হিন্দুস্তানী’ ছবিত শ্বাহৰুখৰ স’তে একেলগে অভিনয় কৰিছিল। এক পুৰণি সাক্ষাৎকাৰত শ্বাহৰুখে নিজে কৈছিল যে তেওঁ দৈনিক তিনি-চাৰি ঘণ্টাহে নিদ্রা গ্রহণ কৰে।
