Kerala:✒️দেশৰ ৰাজনীতিত পুনৰ এক গুৰুত্বপূৰ্ণ খবৰ। দক্ষিণ ভাৰতৰ ৰাজ্য কেৰেলাৰ (Kerala)নাম চৰকাৰীভাৱে সলনি কৰি “কেৰালম” কৰাৰ প্ৰস্তাৱত শীঘ্ৰে সন্মতি জনাব পাৰে কেন্দ্ৰ চৰকাৰে।
ইতিমধ্যে কেৰালা বিধানসভাই (Kerala Legislative Assembly)এ একমতৰে প্ৰস্তাৱ গৃহীত কৰি ৰাজ্যখনৰ নাম ইংৰাজী “কেৰেলা”ৰ পৰিৱৰ্তে মালয়ালম ভাষাৰ অনুসৰি “কেৰালম” কৰাৰ দাবী জনাইছিল। মালয়ালম ভাষাত ৰাজ্যখনৰ প্ৰচলিত আৰু ঐতিহ্যবাহী নাম হৈছে “কেৰালম”।
যদি কেন্দ্ৰীয় মন্ত্ৰীসভাই এই প্ৰস্তাৱত অনুমোদন দিয়ে, তেন্তে বিষয়টো Parliament of India ত উত্থাপন কৰা হ’ব। তাৰ পাছত সংবিধান সংশোধনৰ প্ৰক্ৰিয়াৰে চৰকাৰীভাৱে নাম পৰিৱর্তন কৰা সম্ভৱ হ’ব। কিয়নো ভাৰতীয় সংবিধানৰ প্ৰথম সূচীত ৰাজ্যসমূহৰ নাম সন্নিৱিষ্ট আছে।
এই পদক্ষেপ সাংস্কৃতিক পৰিচয় আৰু আঞ্চলিক গৌৰৱৰ স’তে গভীৰভাৱে জড়িত বুলি ধৰা হৈছে। অৱশ্যে এই নাম সলনিৰ ফলত ৰাজ্যখনৰ সীমা, শাসন ব্যৱস্থা বা প্ৰশাসনিক কাঠামোত কোনো ধৰণৰ পৰিৱর্তন নহ’ব।
এতিয়া অপেক্ষা কেন্দ্ৰৰ চূড়ান্ত সিদ্ধান্তৰ ,দেশৰ মানচিত্ৰত ‘কেৰেলা’ৰ স্থান ল’ব নেকি ‘কেৰালম’?






























