Himanta Biswa Sarma
ৰণজিৎ বৰা
বোকাজান/২৪ ফেব্ৰুৱাৰী
মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰিবলৈ আজি বোকাজানত উপস্থিত হয়হি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ হাংজালাংছ ক্ৰীড়া সন্থাৰ খেলপথাৰত দিনৰ এঘাৰ বজাত উপস্থিত হৈ দহ সহস্ৰাধিক মহিলাৰ উপস্থিতিত আনুষ্ঠানিক ভাবে চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ জনকীৰ্ণ সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান কৰি কয় যে বোকাজান বিধান সভা সমষ্টিত ১৭,৩৯৮ গৰাকী মহিলাই উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিছে যদিও পৰৱৰ্তী সময়ত যিসকল মহিলাই এই ধন পোৱা নাই তেওঁলোককো এই আঁচনিৰ অন্তভুৰ্ক্ত কৰা হব ৷
মহিলা সকলে প্ৰাপ্ত ধন অনাহকত খৰচ কৰাৰ বিপৰীতে উৎপাদন মূলক কাৰ্যতহে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপিৰ আমোলত পাহাৰীয়া জিলাখনৰ উন্নয়নৰ গতি ক্ষীপ্ৰ হোৱা বুল উল্লেখ কৰি উদ্যমিতা আঁচনিৰ লগতে অৰুণোদয় আঁচনি নিযুত মইনা আঁচনিৰে মহিলাকলক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিছে বুলি উল্লেখ কৰে ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসঙ্গত কয় যে বোকাজানত অতি সোনকালে ৩৩৫ কোটি টকাৰে সৈনিক স্কুলৰ কাম সম্পূৰ্ণ হব ৷ইপিনে সমাগত নিৰ্বাচনৰ প্ৰসঙ্গত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে যদিহে কংগ্ৰেছে এ.পি.এইচ.এল.চিৰ লগত মিত্ৰতা কৰে তেন্তে জিলাখনত পুনৰ সন্ত্ৰাসবাদী কাৰ্যই গা কৰি উঠিব ৷
আজিৰ এই সভাত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰদান কৰি কয় যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত জিলা খনত ক্ষীপ্ৰ উন্নয়ন হোৱাৰ লগতে স্থায়ী শান্তি ঘূৰি আহিছে ৷উল্লেখযোগ্য যে আজিৰ এই সভাত বোকাজান বিধান সভা সমষ্টিৰ বিধায়ক ডাক্তৰ নোমল মমিণ,সাংসদ অমৰছিং তিছ’ৰ লগতে স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সকলো উপস্থিত থাকে
