Dispur :
মহানগৰীত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস ৷ স্মাৰ্ট আৰক্ষীক একপ্ৰকাৰ চেলেন্স দি চিলনী চোৰে দিন দুপৰতে এজন লোকৰ ডিঙিৰ পৰা থপিয়াই নিলে সোণৰ চেইন । এই ঘটনা সংঘটিত হয় দিছপুৰ থানাৰ কিছু নিলগৰ পাঞ্জাবী গলিত ৷
ADVERTISEMENT
গনেশগুৰিত বজাৰ কৰাৰ উদ্দেশ্যৰে আহি থকা পথত দিছপুৰৰ পাঞ্জাবী গলিত বাইকত অহা দুৰ্বৃত্তই দলে গোবিন্দ চমুৱা নামৰ লোকজনৰ ডিঙিৰ পৰা থপিয়াই লৈ গ’ল চেইন। ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী লোকজনে দিছপুৰ থানাত দাখি কৰিছে এজাহাৰ ৷
উল্লেখ্য যে মহানগৰীত দিনকদিনে বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস ৷ এই ক্ষেত্ৰত আৰক্ষীয়ে সময়োচিত পদক্ষেপ নোলোৱাৰ অভিযোগ কৰিছে বিভিন্নজনে।




































