IYC President Arrested in Delhi:যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু চিবকক গ্ৰেপ্তাৰ

এ আই ইমপেক্ট ছামিটত অর্ধ উলংগ প্ৰতিবাদৰ গোচৰত গ্ৰেপ্তাৰ ভানুক, পাটিয়ালা আদালতত হাজিৰ কৰাত ৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ভানুক

WhatsApp Image 2026 02 24 at 1.37.44 PM

IYC President Arrested in Delhi:

নতুন দিল্লীত ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত এ আই সন্মিলনৰ সময়ত ভাৰতীয় যুৱ কংগ্ৰেছৰ ১১ জন সদস্যই অর্ধ উলংগ হৈ ভাৰত মণ্ডপমত প্ৰৱেশ কৰিছিল আৰু পি এম মোডীৰ ফটো থকা টি-চাৰ্ট জোকাৰিছিল। তেওঁলোকে “পি এম মোডী আপোচ কৰা হৈছে” আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তুলিছিল। এই ঘটনাৰ সৈতে জড়িত অভিযোগত সোমবাৰে দিল্লী আৰক্ষীয়ে পুৱাভাগত সোধপোছ বাবে আটক কৰিছিল ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু চিবক ৷ তিলক মাৰ্গ আৰক্ষী থানাত সুদীৰ্ঘ ২০ ঘন্টাযোৰা জেৰাৰ অন্তত মঙলবাৰে পুৱা গ্ৰেপ্তাৰ কৰা হয় ভানুক । ইয়াৰ পিছত দিল্লী আৰক্ষীয়ে দুপৰীয়া উদয় ভানু চিবক পাটিয়ালা আদালতত হাজিৰ কৰে আৰু আদালতে ৪ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে আৰক্ষীয়ে ৭ দিনৰ ৰিমাণ্ড বিচাৰি এই কাণ্ডৰ মাষ্টাৰমাইণ্ড বুলি আদালতত অভিযোগ কৰে । আৰক্ষীৰ মতে তেওঁৰ নিৰ্দেশত ভাৰত মণ্ডপমত অনুষ্ঠিত শীৰ্ষ সন্মিলনত প্ৰৱেশ কৰে প্ৰতিবাদকাৰী সকলে। চিবেই লজিষ্টিক সহায় আগবঢ়াইছিল।

ইফালে, এ আই ছামিট গোচৰৰ তদন্ত দিল্লী আৰক্ষীৰ আন্তঃৰাজ্যিক অপৰাধ শাখাৰ দলৰ হাতত অৰ্পণ কৰা হৈছে। এই গোচৰত এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে ৮ জনক ৷মধ্যপ্ৰদেশৰ গোৱালিয়ৰ পৰাও তিনিজন কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ দিনটোত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। চিবকে ধৰি এই গোচৰত এতিয়ালৈকে ৮জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ইফালে,কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুলে গান্ধীয়ে উল্লেখ কৰে যে আপোচ কৰা প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্ভয়ে জাতীয় স্বাৰ্থত মাত মতা কংগ্ৰেছৰ “বব্বৰ শ্বেৰ” সহযোগীসকলক লৈ তেওঁ গৌৰৱান্বিত।

কংগ্ৰেছে এক্স পোষ্টত লিখিছে- “ভাৰতৰ সংবিধানে প্ৰতিজন নাগৰিকক প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰদান কৰে। নৰেন্দ্ৰ মোদীয়ে এই অধিকাৰ কাঢ়ি নিব বিচাৰে। আমি এই কৌশলৰ দ্বাৰা ভয় খুৱাব নোৱাৰো।” আই ৱাই চিৰ সাধাৰণ সম্পাদকে কয় যে এই প্ৰতিবাদ শান্তিপূৰ্ণ আছিল, ৰাষ্ট্ৰীয় বিৰোধী নাছিল। ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শেশ নাৰায়ণ ওঝাই এআই ইমপেক্ট ছামিটৰ বিতৰ্কক লৈ কয় যে শান্তিপূৰ্ণ প্ৰতিবাদক ৰাষ্ট্ৰীয় বিৰোধী বুলি ক’ব নোৱাৰি। ইংৰাজ শাসনৰ সময়ত এই প্ৰথা একেই।

তেওঁ কয় যে এআই শীৰ্ষ সন্মিলনত আমাৰ একাংশ নেতাই শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছিল যদিও কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিয়ে ইয়াক “ভাৰত বিৰোধী” বুলি প্ৰচাৰ কৰি আছে। চৰকাৰৰ বিৰুদ্ধে থকা প্ৰতিটো কণ্ঠক “ভাৰত বিৰোধী” বুলি লেবেল লগাই আমি প্ৰকৃত বিষয়বোৰ এৰাই চলিব পাৰোনে?

যুৱ কংগ্ৰেছৰ প্ৰতিবাদৰ সময়ত কেইবাখনো ৰাজ্যৰ আৰক্ষীয়ে লাঠিচাৰ্জ আৰু পানীৰ কামানৰ আশ্ৰয় লোৱাৰ বিপৰীতে যন্তৰ মন্তৰ বিক্ষোভৰ সময়ত নেতাসকলক আটক কৰি ৰখাৰ অভিযোগ উত্থাপন কৰে। ওঝাই কয় যে চৰকাৰে প্ৰতিবাদৰ প্ৰতিটো কণ্ঠ দমন কৰিব বিচাৰে। চৰকাৰৰ বিৰোধিতা কৰাটো আমাৰ গণতান্ত্ৰিক অধিকাৰ; ই ৰাষ্ট্ৰীয় বিৰোধী নহয়।

Exit mobile version