Kaziranga National Park:
প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰে ভৰপূৰ প্ৰায় ৭ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত পানবাৰী সংৰক্ষিত বনাঞ্চল আজি আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত এই নান্দনিক বনাঞ্চলখন ইতিমধ্যে জৈৱ বৈচিত্ৰ্যৰ এক মূল্যৱান ভাণ্ডাৰ ৰূপে পৰিচিত।
বিশেষকৈ সচৰাচৰ কাজিৰঙাৰ অন্য অঞ্চলত সহজে দেখা নোপোৱা দুৰ্লভ গিবনৰ আৱাসস্থলী হিচাপে পানবাৰী বনাঞ্চল বিশেষ গুৰুত্ব বহন কৰে। ইয়াৰ উপৰি বিভিন্ন প্ৰজাতিৰ বিৰল চৰাই, ৰঙীন পখিলা আৰু অন্য বনজ জীৱে এই অঞ্চলটোক প্ৰকৃতিপ্ৰেমীসকলৰ বাবে এক স্বৰ্গতুল্য গন্তব্যস্থল ৰূপে প্ৰতিষ্ঠা কৰিছে।
আজিৰ এই মুকলি অনুষ্ঠানত ৰাজ্যৰ কেইবাজনো বিশিষ্ট পক্ষীবিদ, প্ৰকৃতিপ্ৰেমী ব্যক্তি আৰু বন বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। অনুষ্ঠানত বনাঞ্চলখন আনুষ্ঠানিকভাৱে মুকলি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড: সোণালী ঘোষে। তেওঁ কয় যে, নিয়ন্ত্ৰিত আৰু দায়িত্বশীল পৰ্যটনৰ জৰিয়তে পানবাৰী অঞ্চলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ লগতে পৰ্যটন ক্ষেত্ৰতো নতুন সম্ভাৱনা সৃষ্টি হ’ব।
উল্লেখযোগ্য যে, দেশী-বিদেশী পৰ্যটকে এতিয়াৰ পৰা পুৱাৰ ভাগত নিৰ্দিষ্ট নিয়মাৱলীৰ অধীনত পানবাৰী সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰাৰ সুবিধা লাভ কৰিব। বিশেষকৈ দুৰ্লভ প্ৰজাতিৰ বান্দৰ তথা গিবন দৰ্শনৰ সুযোগে প্ৰকৃতিপ্ৰেমী আৰু পক্ষী পৰ্যটকসকলৰ মাজত ইতিমধ্যে ব্যাপক উৎকণ্ঠা আৰু আগ্ৰহ সৃষ্টি কৰিছে।
পানবাৰী বনাঞ্চলৰ মুকলিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন মানচিত্ৰত এক নতুন সংযোজন ঘটোৱাৰ লগতে অসমৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
