Khowang:মৰাণৰ খোৱাঙত এহাল ৭০ উৰ্দ্ধৰ বৃদ্ধ দম্পতীয়ে দেখুৱাইছে কৰ্মসংস্কৃতিৰ নিৰ্দশন

বিঘাই বিঘাই কল, কাজি নেমু আৰু বিভিন্ন ধৰণৰ ৰবি শস্যৰ খেতি কৰি চৰ্চিত হৈ পৰিছে বৃদ্ধ দম্পতীহাল

WhatsApp Image 2026 02 24 at 12.08.03 PM

Khowang:

যিটো বয়সত ঘৰতে শুই বহি জীৱন পাৰ কৰিব লাগিছিল, সেইটো বয়সত মৰাণৰ খোৱাঙত এহাল দম্পতীৰ কৰ্মসংস্কৃতি দেখিলে তবধ মানিব আপুনি । মৰাণৰ সমীপৰ খোৱাং চেনিমাৰীৰ এহাল ৭০ উৰ্দ্ধৰ বৃদ্ধ দম্পতীয়ে বিঘাই বিঘাই কল, কাজি নেমু আৰু বিভিন্ন ধৰণৰ ৰবি শস্যৰ খেতি কৰি চৰ্চিত হৈ পৰিছে অঞ্চলটোত ।

হৰিনাৰায়ণ বৰুৱা আৰু গোলাপী বৰুৱা নামৰ বৃদ্ধ দম্পতীহালে প্ৰায় ১৬ বছৰ ধৰি কৃষি কৰ্মৰে জীৱন সংগ্ৰাম চলাই আহিছে । বানে গৰকা খোৱাং চেনিমাৰী গাঁ‌ৱত নিজা খেতি মাটিত হৰিনাৰায়ণ বৰুৱা নামৰ বৃদ্ধ জনে কোৰ মাৰি কেইবা বিঘা মাটিত কল, কাজিনেমু আদি খেতি কৰিছে । ইয়াৰ উপৰিও বিধে বিধে ৰবি শস্যৰ খেতি কৰি চলাই নিছে পৰিয়ালটো ।

উৎপাদিত শস্য বজাৰতো বিক্ৰী কৰিবলৈ নিয়ে বৃদ্ধ জনে । এই ক্ষেত্ৰত তেওঁক সহায় কৰে বৃদ্ধা পত্নী গোলাপী বৰুৱাই । পৰিতাপৰ কথা, টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত চেনিমাৰী গাঁ‌ৱৰ এই বৃদ্ধ দম্পতীহালক চুব পৰা নাই কোনো চৰকাৰী আঁ‌চনিয়ে । কৃষক সন্মান নিধিৰ ধন, চৰকাৰী আৱাস গৃহ আদি কোনো আঁ‌চনিয়ে পোৱা নাই দম্পতীহালে । কেৱল কৰ্মৰে চলাই নিছে জীৱন । ৭০ উৰ্দ্ধৰ দম্পতীহালৰ এই কৰ্মসংস্কৃতিয়ে বহুজনক অনুপ্ৰাণিত কৰক ।

Exit mobile version