State BJP :
মিঞা অধ্যুষিত আসনৰ বাবেহে টনা -আজোৰা চলিছে ৰাজ্যৰ বিৰোধীৰ মাজত। দেশ স্বাধীন হোৱাৰ পিছত কংগ্ৰেছত এচাম মিঞা প্রেমী ছাদুল্লা-ভাছানিৰ দৰে ব্যক্তিৰ জন্ম হৈছিল আৰু আনফালে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, বিমলা প্রসাদ চলিহাৰ দৰে খিলঞ্জীয়াৰ কথা চিন্তা কৰা লোকৰো জন্ম হৈছিল। কিন্তু বৰ্তমানৰ কংগ্ৰেছে গৌৰৱ গগৈৰ নেতৃত্বত মিঞা প্রেমী ছাদুল্লা আৰু ভাছানিৰ পদাংক অনুসৰণ কৰি মিঞা অধ্যুষিত আসনৰ বাবে উঠি পৰি লাগিছে।
আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হোৱা সংবাদমেলত দলৰ মুখপাত্র কল্যাণ গগৈয়ে এইদৰে মন্তব্য কৰে। লগতে মুখপাত্ৰ গৰাকীয়ে কয় যে বর্তমান ৰাজ্যত চলি থকা বিৰোধীৰ ঐক্যৰ প্ৰসংগ ধোৱা চাঙত পৰিণত হৈছে। পূর্বে ২০২১ চনৰ নিৰ্বাচন আৰু পৰৱৰ্তী সময়ত উপ-নির্বাচন তথা পঞ্চায়ত নিৰ্বাচনৰ সময়তো কংগ্ৰেছে বিৰোধী ঐক্যৰ কথা দোহাৰি আছিল যদিও প্রকৃতাৰ্থত কংগ্ৰেছে সকলোৰে লগত বিশ্বাসঘাটকতা কৰি অকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।
কিছুদিন পূর্বে কংগ্ৰেছৰ ১২৬ টা সমষ্টিৰ পৰা অহা ৮০০ আৱেদনৰ ৬০০ তকৈও অধিক আৱেদন চেঙা, ধিং, চমৰিয়া, দলগাঁও আদি মিঞা অধ্যুষিত অঞ্চলৰ পৰা আহিছিল। গতিকে খিলঞ্জীয়া অধ্যুষিত অঞ্চলতকৈ মিঞা প্রধান অঞ্চলতহে কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। ইতিমধ্যে ১০৪ খন খিলঞ্জীয়া প্রধান আসনত শাসকীয় বিজেপি আগবাঢ়ি থকাৰ লগতে মিঞা অধ্যুষিত ২২ খন আসনত বিৰোধীয়ে নিজৰ মাজতে খোৱা কামোৰা লাগিছে বুলি মুখপাত্ৰ গৰাকীয়ে চোকা সমালোচনা কৰে।
আন এক বিষয় উত্থাপন কৰি মুখপাত্র কল্যাণ গগৈয়ে অসম প্রদেশ বিজেপিৰ উদ্যোগত অহা ২৮ ফেব্ৰুৱাৰী পৰা ৯ মাৰ্চলৈ হ’বলগীয়া “জন আশীর্বাদ যাত্রা”ৰ কথা বর্ণনা কৰে। ৰাইজৰ মতামত সংগ্ৰহৰ উদ্দেশ্যে প্রথম পৰ্যায়ত ৰাজ্যৰ ৪৩ টা বিধানসভা সমষ্টি সামৰি হ’বলগীয়া এই যাত্ৰাৰ নেতৃত্ব বহণ কৰিব মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই।
ৰাইজৰ আশীর্বাদেৰে সুকলমে ৫ টা বছৰ অতিক্ৰম কৰাৰ পিছত আগন্তুক সময়ত অসমক আগুৱাই নিবলৈ ৰাইজৰ পৰা দৈনিক ১ লাখ পৰামৰ্শ গ্রহণ কৰাৰ লগতে আঁচনি যুগুত কৰাৰ দিশতো এই যাত্রা উল্লেখযোগ্য হ’ব বুলি মুখপাত্র গৰাকীয়ে উল্লেখ কৰে। আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে সম্পূর্ণভাবে সাজু হোৱা ভাৰতীয় জনতা পার্টিয়ে “জন আশীর্বাদ যাত্রা”ৰ জৰিয়তে সমষ্টি সমূহত প্ৰচাৰ চলোৱাৰ লগতে নির্বাচনী ৰণশিঙা বজাব বুলি মুখপাত্ৰ গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।






























