মধ্যপ্ৰদেশৰ পাছত এইবাৰ অন্ধ্ৰপ্ৰদেশ!

দূষিত পানী খাই এজনৰ মৃত্যু, ৭০ জন অসুস্থ, শ্ৰীকাকুলামত আতংক

1772002983 water 1

Andhra Pradesh:✒️অন্ধ্ৰ প্ৰদেশৰ(Andhra Pradesh)শ্ৰীকাকুলম(Srikakulam) জিলাৰ ডাম্মালা ভীদি(Dammala Veedi)কলনিৰ বাসিন্দাসকল সন্দেহজনক পানীয় জল খোৱাৰ পিছতেই এজনৰ মৃত্যু হৈছে আৰু ৭০ ৰো অধিক লোক অসুস্থ পৰেছে।ঘটনাটো সন্দেহজনকভাবে দূষিত পানীয়ে হোৱা বুলি স্বাস্থ্য কৰ্তৃপক্ষই জানাইছে।

প্ৰাথমিক তথ্য মতে, লোকসকলে পানীয় জল খোৱাৰ পিছতেই পেট বিষ, বমি, মাথা ঘোৰোৱা ধৰণৰ উপসৰ্গ দেখা দিছে। তৎক্ষণাত স্বাস্থ্য বিভাগে পানীৰ নমুনা সংগ্রহ কৰি পৰীক্ষাগাৰলৈ পাঠাইছে আৰু দূষণৰ নিখুঁত কাৰণ পোৱা সময় লাগিব বুলি প্ৰশাসনে জনাইছে।

জিলাৰ স্বাস্থ্য আধিকাৰিক কেএ অনিতা মতে,কিছু লোকক ঘৰৰ পৰা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে আৰু পাইপলাইন বন্ধ কৰি নিৰাপদ পানীয় জল টেংকিৰ জৰিয়তে যোগান দিয়া হৈছে।

তদুপৰি ঘৰুৱা পৰ্যায়ত চিকিৎসা আৰু ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা অভিযান চলাইছে।

ইয়াৰ পাছত মুখ্যমন্ত্ৰী ন. চন্দ্ৰবাবু নায়ডুয়ে ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰি স্বাস্থ্য কৰ্মী আৰু প্ৰশাসনিক কৰ্মচাৰীক সচেতন আৰু সমন্বিত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

Exit mobile version