মৃত্যুৰ পূৰ্বে একেখিনি কথাই কয় সকলোৱে!

এগৰাকী নাৰ্ছৰ বক্তব্যই তোলপাৰ লগাইছে সর্বত্রে

IMG 20260225 112710 scaled

মৃত্যু সন্নিকট হ’লে সেয়া হেনো সকলোৱে বুজিব পাৰে। যদিও ইয়াৰ কোনো মনস্তাত্ত্বিক বা ধর্মীয় ব্যাখ্যা নাই। অৱশ্যে মানুহৰ মুখতে প্রচলিত যে মৃত্যুপথৰ যাত্ৰীসকলে হেনো তেওঁলোকৰ সময় শেষ হৈ অহা বুলি অনুভৱ কৰিব পাৰে। এই সম্পর্কতে এক চাঞ্চল্যকৰ তথ্য সদৰী কৰিছে ফ্ল’ৰিডাৰ এগৰাকী নাছে।

তেওঁ দাবী কৰিছে যে জীৱন-মৃত্যুৰ সন্ধিক্ষণত উপস্থিত হৈ হেনো সকলোবেই কেইটামান কথা কয়। ইয়াৰ হেনো কেতিয়াও অন্যথা নহয়।

কান্তি ৰবাৰ্টছ নামৰ নাৰ্ছগৰাকীয়ে বিগত চাৰি বছৰ ধৰি কাম কৰি আছে। স্বাভাবিকভাবেই তেওঁ অনেক ৰোগীৰ সংস্পৰ্শলৈ আহিছে। চকুৰ সম্মুখত অনেকৰ মৃত্যুও দেখিছে।

তেওঁলোকক দেখিয়েই কার্ডিয়ে অনুভৱ কৰিছে যে বিদায়বেলাত হেনো সকলোৰে আধ্যাত্মিক চেতনা বৃদ্ধি পায়। চিন্তা-ভাবনাৰ ধৰণ সলনি হয়। নাৰ্ছগৰাকীয়ে এটা ভিডিঅ’ত দাবী কৰিছে যে শেষ মুহূৰ্তত সকলোৱেই নিজৰ পৰিয়ালৰ কথা চিন্তা কৰে।

তেওঁলোকক কিমান ভাল পায় সেয়া জনোৱাৰ চেষ্টা কৰে।মৃত্যুপথৰ যাত্ৰীৰ মুখত কোনবোৰ কথা উচ্চাৰিত হয়? কান্তিৰ দাবী অনুসৰি, বিদায়বেলাত সকলোৱেই কয়, ‘মোৰ আৰু ভাল লগা নাই’, ‘মোৰ পৰিয়ালক জনাব যে মই তেওঁলোকক ভালপাওঁ’।

সবাতোকৈ তাৎপর্যপূর্ণ হৈছে মৃত্যুৰ পূর্বে হেনো সকলোৱে কয়, ‘মই জানো যে মই আৰু নাবাচিম।’ নাৰ্ছগৰাকীয়ে লগতে দাবী কৰে যে ঠিক এই কথাবোৰ কোৱাৰ পাছতেই ৰোগীসকল মৃত্যুৰ কোলাত ঢলি পৰে। যদিও সকলোৱে একেই কথা কিয় কয়, তাৰ কোনো ব্যাখ্যা চিকিৎসা বিজ্ঞানত নাই বুলিয়ে জনাইছে কার্ডিয়ে।

তেওঁ লগতে জনায় যে মৃত্যুৰ আগমুহূৰ্তত হেনো ৰোগীসকল সামান্য হ’লেও সুস্থ হৈ উঠে। যদিও সেয়া অতি কম সময়ৰ বাবেহে। তাৰ পাছতে বন্ধ হৈ পৰে হৃদস্পন্দন। সেই নাৰ্ছৰ্গৰাকীৰ এই ভিডিঅ’ সম্প্রতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কাৰ্টিৰ এই দাবীক সমর্থন কৰিছে অন্যান্য আৰু চিকিৎসকসকলেও।তেওঁলোকেও দাবী কৰিছে যে সকলো ৰোগীয়েই মৃত্যুৰ পূৰ্বে নির্দিষ্ট কেতবোৰ কথা কয়।

Exit mobile version