Asomiya Yuva Mancha:
মহানগৰীৰ দিছপুৰস্থিত জনতা ভৱনৰ সমীপত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ উদ্যোগত আৰু কামৰূপ জিলা সমিতিৰ সহযোগত বিক্ষোভ কাৰ্যসূচী ৷ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক উচিত ন্যায় আৰু অবৈধ বাংলাদেশীক বিতাৰণৰ দাবীত জনতা ভৱন ঘেৰাও কৰাৰ উদ্দেশ্যৰে হাতে হাতে প্লে’কাৰ্ড লৈ কে’বা শতাধিক প্ৰতিবাদকাৰীয়ে সমদল কৰি আহিবলৈ চেষ্টা কৰিছিল যদিও চুপাৰ মাৰ্কেটৰ সমীপতে আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷
