Bongaigaon:
ৰাজ্যৰ শিক্ষা বিভাগত ব্যাপক সংস্কাৰৰ ঢাক-ঢোল বজাই অহা হৈছে যদিও কাৰ্যত সেয়া অসাৰত পৰিণত হৈছে ৷ একাংশ- শিক্ষক কৰ্মচাৰীয়ে নিজৰ কৰ্তব্যলৈ পিঠি দি চৰকাৰী দৰমহা ভোগ কৰি আহিছে ৷ এনে শিক্ষক কৰ্মচাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী সময়ে সময়ে উদ্থাপন হৈ অহাৰ মাজতে এইবাৰ বঙাইগাঁৱত সাত শিক্ষকলৈ বিভাগীয় কৰ্তৃপক্ষই জাৰি কৰিলে কাৰণ দৰ্শোৱাৰ জাননী ৷
গাৰো ব্যাপ্টিষ্ট ইউনিয়ন এম ই স্কুলৰ প্ৰধান শিক্ষক লুথেশ্বন এম চাংমা,সহ – শিক্ষক সুভদ্ৰা আগ্নিতক,পবিত্ৰ খাগলাৰী জয়া প্ৰসাদ পদ্ৰশিখা ডেকা,সুবৰ্ণ দেৱী আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী স্বদেশ সৰকাৰে প্ৰায়ে বিদ্যালয়ত সময়মতে উপস্থিত নথকাৰ অভিযোগ লাভ কৰাৰ পিছতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ উত্তৰ শালমৰাৰ বিদ্যালয়ৰ সমূহৰ উপ- পৰিদৰ্শকে জাৰি কৰে কাৰণ দৰ্শোৱাৰ জাননী ৷




































