Guwahati:অসম আদানী – আম্বানীৰ কল’নীলৈ পৰিৱৰ্তন কৰাৰ পৰিকল্পনা আৰম্ভ

চৰকাৰী ভূমি বিঘাই প্ৰতি মাত্র ১৪, ৩৪৭ টকাৰ বিনিময়ত আদানীয়ে লাভ কৰা প্ৰক্ৰিয়া অবৈধ

WhatsApp Image 2026 02 25 at 4.12.18 PM

Guwahati:

ধুবুৰী জিলাৰ চাপৰত তাপ বিদ্যুৎ প্রকল্প স্থাপনৰ কাৰণে আদানীক ৪৫৫৮ বিঘা মাটি হস্তান্তৰ কৰা কাৰ্যত ক্ষোভ প্রকাশ কৰিছে ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিয়ে। এক বিবৃতি যোগে যৌথ সংগ্রাম সমিতিৰ অন্যতম আহ্বায়ক প্রণৱ দলে আৰু সুব্রত তালুকদাৰে কয় যে অসমক আদানী – আম্বানিৰ কল’নীলৈ ৰূপান্তৰ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ যি পৰিকল্পনা, সেই পৰিকল্পনাই এতিয়া বাস্তব ৰূপ পাবলৈ ধৰিছে। অসম চৰকাৰে আদানীক গতাই দিয়া ৪৪৫৮ বিঘা মাটিৰ ভিতৰত ৩৪৮৫ বিঘা মাটি চৰকাৰী মাটি। ৩৫ বছৰৰ কাৰণে লীজত লাভ কৰা এই চৰকাৰী মাটিৰ বাবদ আদানীয়ে প্রদান কৰিছে মাত্র ৫ কোটি টকা। অৰ্থাৎ প্রত্যেক বিঘা মাটি লাভ কৰিছে ১৪,৩৪৭ টকাৰ বিনিময়ত। এইদৰে পানীৰ দৰত অসমৰ মাটি বৃহৎ পুঁজিপতিক গতাই দিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক কথা।

এই প্রকল্পৰ পৰা যি বিদ্যুৎ উৎপাদন হব সেই বিদ্যুতো অসম চৰকাৰে কিনিব লাগিব উচ্চ হাৰত। অৰ্থাৎ আদানী কাৰণে ৰঙা দলিচা। সাধাৰণ খাটিখোৱা মানুহক উচ্ছেদ কৰি হিমন্ত বিশ্ব শৰ্মাই সদম্ভ ঘোষণা কৰিছিল যে এই উচ্ছেদৰ লগত অসমীয়া খিলঞ্জীয়া মানুহৰ ভৱিষ্যতৰ সুৰক্ষাৰ কথা জড়িত হৈ আছে। কিন্তু এই উচ্ছেদৰ লগত যে কেৱল আৰু কেৱল “আদানী প্ৰীতি” হে জড়িত হৈ আছে, এই কথা এতিয়া প্রমাণ হ’ল। জনজাতীয় মানুহৰ প্ৰবল আন্দোলনত সেও মানি সেই মাটি অধিগ্রহণ কৰিব নোৱাৰি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ সহজ টাৰ্গেট হৈ পৰিছে সংখ্যালঘু মানুহে অতীজৰ পৰা খেতি – বাতি কৰি অহা ভূমি সমূহ।

এনেদৰে অবৈধ মাটি হস্তান্তৰ প্রক্রিয়া অব্যাহত থাকিলে অনাগত ৫ বছৰত অসমৰ সমগ্র চৰকাৰী ভূমিৰ গৰাকী হৈ পৰিব আদানী – আম্বানী- ৰামদেৱৰ দৰে বৃহৎ পুঁজিপতিসকল। হিমন্ত বিশ্ব শৰ্মাৰ এই কৰ্পৰেট প্রীতি সামগ্রিকভাবে গোটেই অসমৰ সামাজিক – পৰিৱেশিক কাঠামোটোৰ প্রতি তীব্র ভাবুকি। গতিকে জাতি – মাটি – ভেটি ৰক্ষাৰ স্বাৰ্থত সকলোকে এনে অবৈধ ভূমি হস্তান্তৰ প্রক্রিয়াৰ বিৰোধীতা কৰিবলৈ ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিয়ে আহ্বান জনাইছে।

Exit mobile version