কিউবাৰ আঞ্চলিক জলসীমাত অনধিকৃত প্ৰৱেশৰ অভিযোগত এখন ফ্লৰিদা(Florida)পঞ্জীয়নভুক্ত স্পিডব’টক লক্ষ্য কৰি চলোৱা কিউবা সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত চাৰিজন লোক নিহত আৰু কেবাজনো আহত হয়।
ঘটনাটো সন্দৰ্ভত চৰকাৰী সূত্ৰে এই তথ্য নিশ্চিত কৰিছে।কিউবা গৃহ মন্ত্ৰালয়ৰ প্ৰকাশিত বিবৃতি অনুসৰি, সীমান্তৰক্ষী বাহিনীয়ে সন্দেহজনক গতিবিধি লক্ষ্য কৰি নাওখনক ৰখাবলৈ আৰু চিনাক্ত কৰিবলৈ চেষ্টা কৰিছিল।
অভিযোগ অনুসৰি, সেই সময়তে স্পিডব’টখনৰ পৰা গুলিচালনা কৰা হয়। ফলত এজন কিউবান বিষয়াও আহত হয় বুলি জানোৱা হৈছে।
পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত বাহিনীয়ে প্ৰত্যুত্তৰ গুলিচালনা কৰে। চৰকাৰী তথ্য অনুসৰি, সংঘটিত ঘটনাত স্পিডব’টত থকা চাৰিজন লোকৰ মৃত্যু হয়। আহতসকলক চিকিৎসাৰ বাবে নিকটৱৰ্তী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।
চৰকাৰে স্পষ্ট কৰি দিয়ে যে দেশৰ সাৰ্বভৌমত্ব আৰু সামুদ্রিক সীমা সুৰক্ষিত কৰাটো তেওঁলোকৰ সাংবিধানিক দায়িত্ব। সেই অনুসাৰেই আইনসম্মতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল বুলি উল্লেখ কৰা হৈছে।
উল্লেখযোগ্য যে, কিউবা আৰু যুক্তৰাষ্ট্ৰৰ মাজত দীৰ্ঘদিন ধৰি কূটনৈতিক টানাপোড়েন চলি আহিছে। নতুন এই ঘটনাই দুয়ো দেশৰ সম্পৰ্কত পুনৰ উত্তেজনা বৃদ্ধি কৰিব পাৰে বুলি আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষক মহলে মত প্ৰকাশ কৰিছে। ঘটনাটোৰ ওপৰত তদন্ত অব্যাহত আছে।






























