Congress – Raijor Dal Conflict:
কংগ্ৰেছৰ নেতৃত্বত গঠিত ৰাজ্যৰ ছয় দলীয় বিৰোধী মৰ্চাত ৰাইজৰ দল অন্তর্ভুক্ত নোহোৱাৰ সম্ভাৱনাই দিনে দিনে বৃদ্ধি হৈছে। অখিল গগৈৰ নেতৃত্বাধীন দলটোৰ ভূমিকাক লৈ কংগ্রেছ নেতৃত্ব গভীৰভাৱে অসন্তুষ্ট। কংগ্রেছ নেতৃত্ব এই কথাত পতিয়ন গৈছে যে মিত্ৰতাত থাকিও ৰাইজৰ দলে যি ভূমিকা গ্রহণ কৰি আহিছে সেয়া মুঠেই গ্রহণীয় নহয়। তদুপৰি ৰাইজৰ দলৰ সমষ্টিকেন্দ্ৰিক দাবীৰ বেছি ভাগেই কংগ্রেছে মানি ল’ব পৰা বিধৰ নহয়।
সাতে-পাঁচে মিলি ৰাইজৰ দলৰ স’তে কংগ্ৰেছৰ মিত্ৰতা নোহোৱাৰ সম্ভাৱনা গাঢ় হৈছে। ইয়াৰ বিপৰীতে মিত্ৰজোঁটৰ আন দলকেইটাক লৈ সদ্যহতে কংগ্রেছত কোনো জটিলতা নাই। দুই-এটা সমষ্টিক লৈ ওজৰ-আপত্তি থাকিলেও সেয়া সমাধান হ’ব বুলিয়েই উভয় পক্ষ আশাবাদী।
ৰাইজৰ দলক লৈ কংগ্ৰেছৰ আৰু কে’বাটাও কাৰণত সন্দেহ গাঢ় হৈ আহিছে। দলৰ অসমৰ শীৰ্ষ সূত্রই ‘দৈনিক অগ্রদূত’ক কয় যে বিশেষকৈ অখিল গগৈয়ে ৰাজহুৱাভাৱে কংগ্ৰেছ বিৰোধী যিবোৰ মন্তব্য সততে কৰি আহিছে সেইবোৰে সামগ্রিকভাৱে বিৰোধী জোঁটৰ ওপৰৰ্ত বিৰূপ প্রভাৱ পেলাইছে। মিত্ৰজোঁটৰ মূল দলৰূপে কংগ্ৰেছৰ ওপৰতে ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ পৰা বুলি দলৰ শেহতীয়া ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ বৈঠকতো আলোচনা কৰা হয়। ৰাইজৰ দলে শেহতীয়াকৈ কংগ্ৰেছৰ দুজনকৈ বিধায়কক নিজৰ দলত যোগদান কৰোৱাক লৈ দুই দলৰ মাজত দূৰত্ব অধিক বৃদ্ধি হৈছে। কংগ্রেছে নিজেই এই দূৰত্ব বৃদ্ধি কৰিছে।
উল্লেখ্য যে কংগ্ৰেছৰ পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুল ৰছিদ মণ্ডল আৰু নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে শেহতীয়া বিধানসভাৰ বাজেট অধিবেশনৰ সময়ছোৱাত ৰাইজৰ দলত যোগদান কৰে। দুয়োকে দলত যোগদান কৰোৱাই নহয় তেওঁলোকক ইতিমধ্যে ৰাইজৰ দলৰ প্রার্থীৰূপেও ঘোষণা কৰা হৈছে। শ্বেৰমান আলী আহমেদক মন্দিয়া আৰু ৰছিদ মণ্ডলক পূব গোৱালপাৰাৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰা হৈছে। কংগ্ৰেছৰ আপত্তি হ’ল যে তেওঁলোকৰ দুজনকৈ বিধায়কক মিত্রদল হৈয়ো ৰাইজৰ দলে যেন ‘হাইজেক’ কৰি লৈ যায়।
তদুপৰি দল বিৰোধী কার্যত লিপ্তৰ অভিযোগত শ্বেৰমান আলীক নিলম্বন কৰা হৈছে। আকৌ মণ্ডলৰ বিৰুদ্ধেও বিভিন্ন অভিযোগ আছে। সেই দুয়োজনকে ৰাইজৰ দলে বিধায়ক হৈ থকা অৱস্থাতে নিজৰ দললৈ লৈ যোৱাত মিত্ৰতাৰ প্ৰসংগত বিষয়টো অতি চর্চিত হৈছে।
ৰাইজৰ দলৰ লগত অংক নিমিলাৰ সমষ্টিকেন্দ্রিক বিষয়টোও দুয়ো দলৰ মাজত বৃদ্ধি হোৱা দূৰত্বৰ অন্যতম কাৰণ। ৰাইজৰ দলে ১৫টা সমষ্টি, কংগ্রেছক দাবী কৰিছে। বিচৰা সমষ্টিকেইটা লাগিবই বুলি ৰাইজৰ দলে স্পষ্ট কৰি দিছে। অথচ ইয়াৰ অধিকাংশ সমষ্টিত কংগ্ৰেছৰ মতে তেওঁলোকৰ শক্তিশালী ভেটি আছে। ৰাইজৰ দলে দাবী কৰিলেই সমষ্টি নাপায় বুলি কংগ্ৰেছৰ বৈঠকত ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে। ইয়াৰ উদাহৰণ উল্লেখ কৰি কংগ্ৰেছৰ শীৰ্ষ সূত্রই জনায় যে ৰাইজৰ দলে নাওবৈচা সমষ্টিটো বিচাৰিছে; অথচ নাওবৈচাত কংগ্ৰেছৰ শক্তিশালী ভেটি আছে।
সমষ্টিটোত কংগ্ৰেছৰ বিধায়ক দলৰ জ্যেষ্ঠ নেতা ভৰত নৰহ। গতিকে এই সমষ্টিটো মিত্র দলক এৰি দিয়াৰ পৰিৱেশ নাই। একেদৰে দলগাঁৱত কংগ্ৰেছৰ প্রার্থিত্বৰ দাবীদাৰৰ সংখ্যা কমেও ১০জন। তাব ভিতৰত বিজয়ৰ উজ্জ্বল সম্ভাৱনা থকা প্রার্থী আছে। তদুপৰি সমষ্টিটোত কংগ্ৰেছৰ সংগঠন অতি শক্তিশালী বুলি দলটোৱে বিশ্বাস কৰে। কিন্তু ৰাইজৰ দলে মিত্ৰতাৰ নামত কংগ্ৰেছক চাপত ৰাখি সমষ্টিটোত বহু আগতীয়াকৈ নিজৰ প্রার্থী প্রক্ষেপ কৰে।
উল্লেখনীয় এই সমষ্টিটোত ৰাইজৰ দলে প্রার্থী ৰূপে প্রক্ষেপ কৰিছে সদৌ সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আজিজুৰ ৰহমানক। যোৱা বিধানসভা নির্বাচনত ৰহমানে ৰাইজৰ দলৰ পৰা নাওবৈচাত প্রতিনিধিত্ব কৰিছিল। মন্দিয়া, পূব গোৱালপাৰা আদি সমষ্টিৰ ক্ষেত্ৰতো একেধৰণৰ জটিলতা কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত অব্যাহত আছে। ইয়াৰ মাজতে কংগ্ৰেছৰ হাতত এই তথ্যও পৰিছে যে এফালে বিৰোধী মিত্ৰজোঁটত সোমাই থাকিও অখিল গগৈয়ে বিজেপিৰ লগতো যোগাযোগ অব্যাহত ৰাখিছে।
দুই দলৰ মাজত বাহাল থকা এনে জটিল অংকৰ মাজতে আজি গৌৰৱ গগৈয়ে মন্তব্য কৰে যে ৰাইজৰ দলৰ লগত মিত্রতাক লৈ পূর্বে তেওঁৰ যিমান যোগাত্মক আছিল, বর্তমান সিমান নহয়। গগৈয়ে কয়, ‘আন দলবোৰৰ লগত আমাৰ আসন বুজাবুজি প্রায় সম্পূর্ণ হৈছে। কেৱল ৰাইজৰ দলৰ লগতহে আলোচনা আধৰুৱা হৈ আছে। ৰাইজৰ দলৰ লগত মিত্ৰত্রতাক লৈ মই আগতে যিমান যোগাত্মক আছিলো এতিয়া যেন সেই জোৰ কমিছে।
আজিৰ তাৰিখত এশ শতাংশ হ’বই লাগিব বুলি ক’ব পৰা শক্তি ক’ৰবাত কমিছে। কেন্দ্রীয় নেতৃত্বই মিত্ৰতাৰ বিষয়টোত আমাৰ পৰা প্ৰতিবেদন বিচাৰিছে। প্ৰতিটো দলৰ লগত হোৱা অগ্রগতি আমি জনাই দিছো। ৰাইজৰ দলৰ লগত যে কথাবোৰ হোৱা নাই সেয়াও জনাইছো।’ গগৈয়ে লগতে কয় যে অখিল গগৈয়ে তেওঁলোকৰ দুজন বিধায়কক নিজৰ দলৰ অন্তৰ্ভূক্ত কৰা বিষয়টোতো দৃষ্টি ৰাখিছে। তেওঁ কয় যে অখিল গগৈয়ে কংগ্ৰেছৰ এজন নিলম্বিত আৰু এজন দলীয় বিভিন্ন অভিযোগ থকা বিধায়কক নিজৰ দলত ভর্তি কৰাই নহয় তেওঁলোকক প্রার্থিত্ব দিয়া বুলিও শুনিছো।
গগৈয়ে কয়, ‘এনে পৰিৱেশ-পৰিস্থিতি আমি লক্ষ্য কৰি আছো। তদুপৰি তেওঁ সংবাদমাধ্যমৰ আগত যিবোৰ কথা কৈ আহিছে সেইবোৰ আমাৰ দলৰ পৰম্পৰা নহয়। এতিয়ালৈকে কোনকেইটা দলৰ লগত আমাৰ আলোচনা সম্পূর্ণ হৈছে সেইটোৱেই মই এতিয়ালৈকে কোৱা নাই। আমি আনুষ্ঠানিকভাৱে ৰাইজক কথাবোৰ জনাম। কিছুমান গোপনীয় কথাও থাকে। তেওঁ কিন্তু বহু কথাই ৰাজহুৱাভাৱে কৈ আহিছে। এইবোৰো আমি লক্ষ কৰি আহিছো।’ আনহাতে, অখিল গগৈয়ে মিত্ৰতাৰ শেহতীয়া পৰিস্থিতিক লৈ কয় যে এতিয়া সিদ্ধান্ত কংগ্ৰেছৰ হাতত। কংগ্রেছে বিজেপিক হৰুৱাব খুজিলে মিত্রতা হ’ব।
