মুম্বাইত ৫৭ শতাংশ কৰ্কট আক্ৰান্তৰ ৰোগৰ বাবে দায়ী প্ৰদূষণ 

153119227

Mumbai:✒️দেশৰ মহানগৰসমূহৰ বায়ু প্ৰদূষণে কেৱল শ্বাস-প্রশ্বাস গ্রহণত সমস্যাৰ সৃষ্টি কৰাই নহয়, বৰঞ্চ প্ৰাণঘাতক কর্কট ৰোগ বিয়পাই আহিছে।

স্বয়ং মহাৰাষ্ট্ৰ চৰকাৰে বিধানসভাত স্বীকাৰ কৰিলে যে বর্ধিত বায়ু প্ৰদূষণৰ কাৰণত মুম্বাইত কর্কট ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।

মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্রী প্রকাশ আবিটকৰে বিধানসভাত কয় যে মুম্বাইত বর্ধিত বায়ু প্রদূষণ আৰু হাওঁফাওঁৰ কৰ্কটৰ গভীৰ সম্পৰ্ক আছে।

মন্ত্রীজনে লগতে কয় যে স্বাস্থ্য বিভাগে কর্কট স্ক্রীণিং অভিযান চলোৱাৰ সময়ত ৰাজ্যখনত ১,৬৭৭ জন কর্কট আক্রান্তক চিনাক্ত কৰা হৈছিল। অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এইসকল ৰোগীৰ কৰ্কটৰ স’তে বায়ু প্ৰদূষণৰ প্রত্যক্ষ সম্পর্ক আছিল।

হাওঁফাওঁৰ কৰ্কটৰ ক্ষেত্ৰত প্রায় ৫৭ শতাংশ কৰ্কটৰ বাবে দায়ী আছিল বর্ধিত বায়ু প্রদূষণ। মুম্বাইত মুখ, জৰায়ুমুখ আৰু স্তন কৰ্কট আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে।

Exit mobile version