Gaurav Gogoi:যোৰহাটত কংগ্ৰেছৰ ‘সময়ৰ পৰিৱৰ্তন যাত্ৰা’ত গৌৰৱ গগৈৰ ইংগিত কংগ্ৰেছৰ ৪০ আসনৰ প্ৰাৰ্থীৰ নাম চুড়ান্ত

WhatsApp Image 2026 02 10 at 1.14.01 PM 1

Gaurav Gogoi:

ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত শাসকীয় বিজেপি আৰু কংগ্ৰেছে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৷ দিছপুৰৰ মচনদৰ পৰা বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছে সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ কৰিছে ‘সময়ৰ পৰিৱৰ্তন যাত্ৰা’৷ এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত ইতিমধ্যে বটদ্ৰৱা আদি অঞ্চলত এই যাত্ৰা অতিক্ৰম কৰি উপস্থিত হয় যোৰহাট জিলাৰ লগতে শিৱসাগৰৰ থাউৰা ৷ নিজৰ সংসদীয় সমষ্টিটোৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি এক প্ৰকাৰ বিজেপিক সবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। সাংবাদিকৰে হোৱা বাৰ্তালাপত গগৈয়ে কয়,নিৰ্বাচনৰ বাবে কংগ্ৰেছ সাজু ৷শতাধিক আসনত প্ৰতিদ্বন্দ্বীতা আগবঢ়াব কংগ্ৰেছ ৷ বিজেপিক ৰোধিবলৈ অজাপ সহ ছয় দলৰ স’তে আসন বুজাপৰা প্ৰায় শেষ হোৱাৰ পথত ৷ একেদৰে কংগ্ৰেছেও ৪০ খন আসনৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম প্ৰায় চুড়ান্ত কৰিছে ৷ মাৰ্চৰ পথম পষেকৰ ভিতৰত প্ৰথম খন তালিকা ঘোষণা কৰিব । এইবাৰ দিছপুৰত কংগ্ৰেছ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো খাটাং ।

Exit mobile version