Gohpur:নতুনকৈ নিৰ্মাণ — দীৰ্ঘদিনৰ মেৰামতিৰ অভাৱ

গহপুৰ সমজিলাত জহিখহি গৈছে যাত্ৰীৰ জিৰণি চৰা গৃহ

WhatsApp Image 2026 02 28 at 1.27.36 PM

Gohpur:

গহপুৰ সমজিলাৰ প্ৰতি ৰাজহুৱা স্হানত থকা জিৰণি চৰা গৃহসমূহ জহিখহি যোৱাত বহু সময়ত ৰাইজে সমস্যাৰ সন্মুখিন হ’ব লগা হৈছে ৷ সমজিলাখনৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা যাত্ৰীৰ জিৰণি চৰা সমূহৰ লগতে গ্ৰামাঞ্চলৰ গড়কাপ্তানি পথসমূহৰ কাষত থকা জিৰণি চৰা সমূহ দীৰ্ঘদিনৰ মেৰামতি অথবা নতুনকৈ নিৰ্মাণ নকৰাৰ বাবে জহিখহি যোৱাত জনসাধাৰণে ৰ’দ বৰষুণৰ পৰিত্ৰাণৰ বাবে ক্ষন্তেকৰ সময়ৰ বাবেও জিৰণি চৰাৰ ভিতৰত সোমোৱাৰ পৰিবেশ নাই ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা হাৱাজান, ডিফলুসত্ৰ,কলাবাৰী,চেংমৰা,ডুবিয়া ,ডুবিয়া জাৰণিগাঁও,ককিলা চাৰিআলি,গোপালপুৰ,সোলেঙী,মিলনপুৰপুৰুপবাৰী,বহ্মাজান,ঘাঁহিগাঁও,বৰঙাবাৰী,হেলেমকে ধৰি বহুকেইটা অঞ্চলত থকা জিৰণি চৰা সমূহ অস্তিত্বহীন হৈ পৰিছে ৷

উল্লেখিত স্হান সমূহত থকা জিৰণি চৰা সমূহ উৱলি যোৱাত গ্ৰামাঞ্চলৰ পৰা ওলাই দূৰদূৰণিলৈ যাবলগা যাত্ৰী সকলে এজাক বৰষুণ পৰিলে সমীপৱৰ্তী লোকৰ ঘৰলৈ অথবা ওচৰতে থকা দোকানৰ বাৰাণ্ডাত আশ্ৰয় ল’ব লগা হয় ৷ তাৎপৰ্যপূৰ্ণ যে,প্ৰায় ২০১০ বৰ্ষতে নিৰ্মাণ কৰা হৈছিল এই জিৰণি চৰা সমূহ ৷ কিছুমান নিৰ্মাণ হৈছিল স্হানীয় বিধায়ক পূজিৰ পৰা আৰু কিছুমান নিৰ্মাণ হৈছিল খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধীনত ৷ সম্প্ৰতি হিতাধিকাৰীক গুৰুত্ব দিয়া চৰকাৰে এনে ৰাজহুৱা সমস্যা সম্বলিত বিষয়বোৰ গুৰুত্ব নিদিয়াত এনে সমূহ গৃহই অস্তিত্বৰ ক্ষণ গণিবলগা হৈছে ৷ কেৱল ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ জিৰণি চৰা সমূহৰ অৱস্থা এনে হৈছে এনে নহয় ৷ সমজিলাখনৰ ৩৪ খন গাঁও পঞ্চায়তৰ গ্ৰাম্য এলেকাধীন অঞ্চলত থকা জিৰণি চৰা সমূহৰো অৱস্থা একে ৷

Exit mobile version