Donald Trump:✒️ইৰাণক কেন্দ্ৰ কৰি চলি থকা সামৰিক তৎপৰতাৰ মাজতে কঠোৰ সুৰত মন্তব্য কৰিছে ড ড’নাল্ড ট্ৰাম্পে (Donald Trump)। তেওঁৰ মতে, “অভিযান এতিয়াই বন্ধ নহ’ব। লক্ষ্য পূৰণ নোহোৱালৈকে, প্ৰয়োজন হ’লে কেইসপ্তাহধৰি অভিযান অব্যাহত থাকিব।”
ট্রাম্পে স্পষ্ট কৰি দিয়ে যে এই সামৰিক পদক্ষেপ যুক্তৰাষ্ট্ৰৰ কৌশলগত স্বাৰ্থ সুৰক্ষিত কৰা আৰু অঞ্চলটোত স্থিতিশীলতা নিশ্চিত কৰা উদ্দেশ্যে গ্ৰহণ কৰা হৈছে।
তেওঁ লগতে কয়, পৰিস্থিতি অনুসৰি অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও আমেৰিকা প্ৰস্তুত।
উল্লেখযোগ্য যে, সাম্প্ৰতিক সময়ত ইৰাণ (Iran)আৰু United Statesৰ মাজত উত্তেজনা যথেষ্ট বৃদ্ধি পাইছে। একাধিক সামৰিক প্ৰহাৰ আৰু ওলোটাই প্ৰতিক্ৰিয়াই মধ্যপ্ৰাচ্যত অস্থিৰতাৰ আশংকা বৃদ্ধি কৰিছে।
আন্তঃৰাষ্ট্ৰীয় মহলে এই পৰিস্থিতিত সংযম অবলম্বন আৰু কূটনৈতিক সমাধানৰ আহ্বান জনাইছে। বিশ্লেষকসকলৰ মতে, সংঘাত দীঘলীয়া হ’লে বিশ্ব অৰ্থনীতি আৰু আঞ্চলিক ৰাজনৈতিক সমীকৰণত ইয়াৰ প্ৰভাৱ পৰিব পাৰে।
