Nagaon:
গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানাত সোমবাৰৰ পাঁচদিনীয়াকৈ আয়োজন কৰা দৌলযাত্ৰা মহোৎসৱত মঙলবাৰে পুৱাই উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা। জাতীয় সাজপাৰ পৰিধান কৰি থান চৌহদত প্ৰৱেশ কৰাৰ সময়ত দেহৰক্ষীৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ৷ জাতীয় সাজপাৰৰ পৰিৱৰ্তে পেণ্ট ছাৰ্ট পৰিধান কৰি বটদ্ৰৱা থানত প্ৰৱেশ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই দেহৰক্ষীক হাতত ধৰি বাহিৰত থৈ আহে ৷ ইয়াৰ পিচতে মুখ্যমন্ত্ৰী গৰাকীয়ে কীৰ্তন ঘৰত সেৱা লৈ চৌহদ পৰিদৰ্শন কৰি শ্ৰীমন্তশঙ্কৰদেৱ আৰ্বিভাৱ ক্ষেত্ৰ পৰিদৰ্শন কৰে। স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে এতিয়াৰ পৰা বটদ্ৰৱা থানত জাতীয় সাজপাৰ পৰিধান কৰাৰ লেখিয়াকৈ শ্ৰীমন্তশঙ্কৰদেৱ আৰ্বিভাৱ ক্ষেত্ৰতো দৰ্শনকাৰীয়ে পৰিধান কৰিব লাগিব জাতীয় সাজপাৰ ৷ ১২ বছৰৰ তলৰ সকলক ৰেহাই দিয়া হ’ব ৷ কিন্ত ১২ বছৰৰ উৰ্দ্ধৰ প্ৰতিজনে পৰিধান কৰিব লাগিব জাতীয় সাজপাৰ ।
