Kokrajhar:হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰৰ সম্প্ৰসাৰণ

তিনি পাৰিষদক কাৰ্যবাহী সদস্য ৰূপে নিযুক্তি

WhatsApp Image 2026 03 04 at 1.14.28 PM

Kokrajhar:

বিটিচিত হাগ্ৰামা মহিলাৰী মহিলাৰী নেতৃত্বাধীন চৰকাৰৰ সম্প্ৰসাৰণ ৷ তিনিজনকৈ পাৰিষদক কাৰ্যবাহী সদস্য ৰূপে নিযুক্তি ৷ ২৭ নং নাগ্ৰীজুলী সমষ্টিৰ বিজেপিৰ পাৰিষদ লক্ষ্মী দাস, ৩০ নং গোৰেশ্বৰ সমষ্টিৰ বিপিএফৰ পাৰিষদ মহেশ্বৰ বসুমতাৰী আৰু মনোনীত পাৰিষদ কৰ্মেশ্বৰ ৰায়ক কাৰ্যবাহী সদস্য হিচাপে বুধবাৰে নিযুক্তি দিয়ে বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে ৷ ইয়াৰ লগে লগে বিটিচি চৰকাৰত কাৰ্যবাহী সদস্যৰ সংখ্যা বৃদ্ধি পালে ১৭ জনলৈ ৷

Exit mobile version