Silghat:
জাগীৰোডৰ পূৰ্বৰ কাগজ কলৰ ভূমিত টাটাৰ উদ্যোগত ৪০ হেজাৰ কোটি ব্যয়ৰে নিৰ্মাণধীন ‘টাটা চেমিকণ্ডাক্টৰ প্ৰকল্পলৈ ইতিমধ্যে অনা হৈছে বিভিন্ন যন্ত্ৰ ৷ মুম্বাইৰ পৰা স্থল পথৰে বৃহৎ যন্ত্রাংশ অনাত অসুবিধা হোৱাৰ হেতুকে ব্ৰক্ষপুত্ৰৰ বুকুৰে জাহাজেৰে অনা হৈছে বৃহৎ যন্ত্রাংশ ৷ ইতিমধ্যে কলিয়াবৰৰ শিলঘাটৰ জাহাজ ঘাটত যন্ত্রাংশ নমাৰ পিছত টেইলৰত উঠাই জাগীৰোডলৈ নিয়াৰ যো- জা কৰিছে কৰ্তৃপক্ষই ৷
