AIUDF:এআইইউডিএফৰ বদৰপুৰৰ বিধায়ক আব্দুল আজিজ আৰু সোণাইৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাক নিলম্বন

দল বিৰোধী কার্যকলাপৰ বাবে ছয়বছৰৰ বাবে নিলম্বন আজিজক

WhatsApp Image 2026 03 05 at 2.36.23 PM

AIUDF:

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তিনিজনকৈ এআইইউডিএফৰ বিধায়কে দলত্যাগ কৰি অন্য দলৰে গোপনে সম্পৰ্ক ৰখাৰ অভিযোগ পোহৰলৈ অহাৰ পিছত থৰকাছুটি হেৰুৱাইছে দলটোৰ শীৰ্ষ নেতৃত্বই ৷ যাৰবাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এআইইউডিএফৰ বদৰপুৰৰ বিধায়ক আব্দুল আজিজ আৰু সোণাইৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাক দলৰ পৰা নিলম্বনৰ নিৰ্দেশনা জাৰি কৰে ৷ দল বিৰোধী কার্যকলাপৰ বাবে ছয়বছৰৰ বাবে নিলম্বন কৰা হয় বিধায়ক আজিজ আৰু কৰিমক ৷

উল্লেখ্য যে এআইইউডিএফৰ দুই আব্দুল আজিজ আৰু বিধায়ক কৰিমউদ্দিন বৰভূঞাই সদ্য সমাপ্ত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ত বিধানসভাৰ চৌহদত থকা অগপৰ বিধায়িনী কক্ষত দলটোৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপত কেশৱ মহন্তক সাক্ষাৎ কৰিছিল ৷ তেতিয়াৰ পৰা দুই বিধায়কে আমবাৰীমুখী হোৱাৰ চৰ্চা লাভ কৰিছিল।

আনহাতে এআইইউডিএফৰ আলগাপুৰৰ বিধায়ক নিজামউদ্দিন চৌধুৰীয়েই দলত্যাগৰ বাবে সাজু হৈছে বুলি জানিব পৰা গৈছে ৷ বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত তিনিজনকৈ দলীয় বিধায়কৰ দলত্যাগে বিশেষ ক্ষতি কৰিব এআইইউডিএফক ৷

Exit mobile version