Bjp Joining Three Congress MLAs:বাজপেয়ী ভৱনত গেৰুৱা বসন পিন্ধিলে তিনি কংগ্ৰেছী বিধায়কে

ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী পিযুষ হাজৰিকাৰ উপস্থিতিত যোগদান কৰে তিনি কংগ্ৰেছী বিধায়কে

WhatsApp Image 2026 03 05 at 11.22.57 AM

Bjp Joining Three Congress MLAs:

অৱশেষত গেৰুৱা বসন পিন্ধিলে কংগ্ৰেছৰ তিনি নিলম্বিত বিধায়কে ৷ ৰাজ্যিক বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী পিযুষ হাজৰিকাৰ উপস্থিতিত অনুষ্ঠিত যোগদান সভাত তিনি কংগ্ৰেছী বিধায়ক কমলাখ্য দে পুৰুকায়স্থ(কৰিমগঞ্জ),শশীকান্ত দাস( ৰহা) আৰু বসন্ত দাস(মঙলদৈ)ইআনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ৷ অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱ সহ কে’বা গৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷

উল্লেখ্য যে সোমবাৰে কংগ্ৰেছে প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত দুই তিনিদিনৰ ভিতৰত বিজেপিৰো প্ৰথম তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে ৷ এনেক্ষেত্ৰত বিজেপিৰ প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণাৰ পূৰ্বেই কংগ্ৰেছৰ তিনি বিধায়কে গেৰুৱা বসন পিন্ধা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ।

আনহাতে কংগ্ৰেছৰ তিনি বিধায়কে বিজেপি যোগদান কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক মন্তব্য প্ৰকাশ কৰে যে,তিনিজনকৈ সন্মানীয় বিধায়কে আমাৰ দলত যোগদান কৰে। যোৱা ২টা বছৰে আমাৰ দলক সমৰ্থন কৰি আহিছে। আজি আনুষ্ঠানিকভাবে যোগদান কৰে। কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা সকলক আদৰণি জনাইছো ৷

Exit mobile version