FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !
:সমাগত নিৰ্বাচনৰ বাবে সাজু বিজেপি মিত্ৰজোঁট ৷ বুধবাৰে অগপৰ নেতৃত্বৰে বিজেপিয়ে আলোচনা কৰাৰ পিছত এটা কথা স্পষ্ট হৈছে যে সংখ্যালঘু সমষ্টিক বাদ দি অসম গণ পৰিষদক ৯টা সমষ্টি দিব বিজেপিয়ে। সমষ্টি কেইটা হ’ল তেজপুৰ, শিৱসাগৰ, বৰপেটা , বঙাইগাঁও,গোৱালপাৰা পূৱ, ডিমৰীয়া, বজালী, কলিয়াবৰ আৰু বোকাখাত ৷
অগপ -বিপিএফৰে বিজেপিৰ মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, অগপৰ লগতে বিপিএফৰে বিজেপিৰ মিত্ৰতা চূড়ান্ত হৈছে ৷ ইউপিপিএল আৰু বিপিএফে আসন বুজাবুজি কেনেকৈ কৰে সেয়াহে কথা। আমি বিচাৰো বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতা হওক I
