Gohpur:
গহপুৰ সমজিলাৰ ডুবিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ককিলাপথাৰত এগৰাকী ৬০ৰ ব্যক্তিয়ে নিজৰ ৩৫ বিঘাকৈ কৃষিভূমিত মিশ্ৰিত কৃষিপামেৰে কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে। গহপুৰ সমজিলাৰ ককিলাগুৰি গাঁৱৰ নিৱাসী মইনা বাঢ়ৈয়ে ককিলাপথাৰত থকা কৃষিকাৰ্যৰ বাবে অনুপযোগী নিজৰ ২২বিঘাকৈ ভূমিত মীন পালনৰ বাবে ২০১৬চনত খান্দিছিল এটা বৃহৎ আকাৰৰ পুখুৰি।
উক্ত বৃহৎ পুখুৰীত মৎস্য পালন কৰাৰ সামন্তৰালভাবে ওখকৈ বন্ধা পুখুৰীটোৰ পাৰত মইনা বাঢ়ৈয়ে ৰোপন কৰিছিল বিভিন্ন মূল্যবান গছৰ পুলিৰ লগতে নানা ফলমুলৰ গছৰ পুলি। কৰ্মোদ্যমী ব্যক্তি মইনা বাঢ়ৈয়ে প্ৰথম অৱস্থাত ৪০০ জোপা ৰঙা আৰু বগা চন্দনৰ পুলি, ২৭০ জোপা নাৰিকল, ৫৫০ জোপা তামোল, ২০ জোপা, বিভিন্ন প্ৰজাতিৰ হাইব্ৰীড আম, বিদেশী প্ৰজাতিৰ লিচু, আপেল বগৰী, থলুৱা বগৰী, বৰটেঙা, মৌচুমী, জলফাই, কাজি নেমু, গুলনেমু, মধুৰিয়াম, অমিতা, কল, ঔটেঙা, জালুক, কুহিয়াৰকে ধৰি বিভিন্ন গছৰ পুলি ৰোপন কৰিছিল।
তাৰোপৰি প্ৰকৃতিৰ বুকুৰ পৰা ক্ৰমান্বয়ে হেৰাই যাব ধৰা হেলেচ, লেতেকু, পনিয়ল আদিৰ গছৰ পুলিও নিজৰ মিশ্ৰিত কৃষিপামখনত ৰোপন কৰে মইনা বাঢ়ৈয়ে। মীন পালনেৰে বছৰি লক্ষাধিক টকা উপাৰ্জন কৰা মইনা বাঢ়ৈয়ে পৰৱৰ্তী পৰ্যায়ত মৎস্য পালনৰ বাবে পাঁচ বিঘাকৈ ভূমিত অতিৰিক্ত দুটা পুখুৰী খন্দাৰ পাছত বৰ্তমান চলিত বৰ্ষত মাছৰ পোনা উৎপাদনৰ বাবেও দুবিঘাকৈ ভূমিত অন্য এটা পুখুৰী খন্দোৱাৰ ব্যৱস্থা কৰিছে। মাছৰ পোনা উৎপাদনৰ বাবে খন্দোৱা পুখুৰীটোৰ পাৰত মইনা বাঢ়ৈয়ে ইতিমধ্যে ৰোপন কৰিছে ৰঙা চন্দন, নাৰিকল আৰু তামোলৰ পুলি।
২২বিঘাকৈ ভুমিত খন্দা পুখুৰীৰৰ পাৰত মইনা বাঢ়ৈয়ে ৰোপন কৰা ৰঙা চন্দন আৰু বগা চন্দনৰ গছ ইতিমধ্যে যথেষ্ট পৰিমানে ডাঙৰ হোৱাৰ উপৰিও পাৰটোতে ৰোপন কৰা বিদেশী প্ৰজাতিৰ হাইব্ৰীড আম আৰু লিচু গছত মাটিৰে পৰা ফুল ধৰিবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। সম্পুৰ্ন সেউজীয়া প্ৰাকৃতিক পৰিৱেশেৰে পৰিৱেষ্টিত মইনা বাঢ়ৈৰ মিশ্ৰিত কৃষিপাম খন বৰ্তমান মাছ, হাঁহ, কুকুৰা আৰু বিভিন্ন ফলমুলেৰে নদন বদন হৈ পৰিছে।
এইক্ষেত্ৰত চৰকাৰ তথা গহপুৰ মহকুমা কৃষি বিভাগে অলপ গুৰুত্ব প্ৰদান কৰিলে মইনা বাঢ়ৈৰ মিশ্ৰিত কৃষিপামখন গহপুৰ সমজিলাৰ ভিতৰতে জাকতজিলিকা হৈ পৰিব।
