Poachers arrested in Sonari:
চৰাইদেউত চিআৰপিএফৰ জালত হস্ত-নিৰ্মিত বন্দুকসহ চাৰি দুৰ্ধৰ্ষ চিকাৰী ৷ বিশেষ খবৰৰ ভিত্তিত অসম -নাগালেণ্ড সীমান্তৱৰ্তী চিংলৌ পথাৰ টঙীয়া গাঁৱত অভিযান চলাই চাৰিটা হস্ত-নিৰ্মিত বন্দুকসহ চাৰিজন চিকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত চিকাৰী কেইজন হ’ল টঙীয়া গাঁৱৰ চুক্ষৰা মুণ্ডা ,সৰেশ তাঁতী,চিনা তাঁতী আৰু অজয় তাঁতী ৷
উল্লেখ্য যে চৰাইদেউস্থিত চিআৰপিএফ এনইজেদৰ দ্বিতীয় বেটেলিয়নৰ দল এটাই চৰাইদেউ আৰক্ষীৰ সহযোগত অভিযান চলাই গ্ৰেপ্তাৰ কৰা চাৰি চিকাৰীৰ পৰা চাৰিটা হস্ত-নিৰ্মিত বন্দুকসহ বন্যপ্ৰাণীৰ দাঁত উদ্ধাৰ কৰে ৷
স্মতৰ্ৱ্য যে ,আটকাধীন দুৰ্ধৰ্ষ চিকাৰী কেইজনে বহুদিন ধৰি অভয়পুৰ সংৰক্ষিত বনাঞ্চলত বন্যপ্ৰানী নিধনেৰে এক সন্ত্ৰাসময় পৰিবেশৰ সৃষ্টি কৰি আহিছিল।



































