পাঁচ মাহৰ পাছত পুনৰ বৃদ্ধি বিশ্ব খাদ্যৰ দাম

ফেব্ৰুৱাৰীত উৰ্ধ্বগতি FAO সূচকত

1772856206 store 1280

বিশ্ব বজাৰত খাদ্য সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পাইছে। ৰাষ্ট্ৰসংঘৰ অধীনস্থ খাদ্য আৰু কৃষি সংস্থা (Food and Agriculture Organization )(FAO)এ প্ৰকাশ কৰা সাম্প্ৰতিক তথ্য অনুসৰি, ফেব্ৰুৱাৰী মাহত বিশ্ব খাদ্য মূল্য সূচক পাঁচ মাহৰ পতনৰ পাছত প্ৰথমবাৰৰ বাবে উৰ্ধ্বমুখী হৈছে।

খাদ্য আৰু কৃষি সংস্থা(FAO)ৰ (Food Price Index)ফেব্ৰুৱাৰী মাহত গড়ে ১২৫.৩ পইণ্টত উপনীত হয়। ই জানুৱাৰী মাহৰ তুলনাত প্ৰায় ০.৯ শতাংশ বৃদ্ধি। এই সূচকটোৱে বিশ্ব বজাৰত ব্যৱসায় হোৱা মুখ্য খাদ্য সামগ্ৰীৰ মূল্যৰ পৰিৱৰ্তনৰ সামগ্ৰিক ছবি প্ৰদৰ্শন কৰে।

প্ৰতিবেদন অনুসৰি বিশেষকৈ শস্যজাত খাদ্য, মাংস আৰু উদ্ভিজ্জ তেলৰ মূল্য বৃদ্ধি পোৱাত সূচকটো ওপৰলৈ উঠিছে। কিন্তু চেনি আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্য হ্ৰাস পোৱাৰ বাবে সামগ্ৰিক বৃদ্ধি কিছু পৰিমাণে সীমিত হৈ থাকে।

উল্লেখযোগ্য যে, বৰ্তমান সূচকটো যদিও আগৰ মাহতকৈ বৃদ্ধি পাইছে, তথাপিও ই বিগত বছৰৰ তুলনাত প্ৰায় এক শতাংশ কম আৰু ২০২২ চনৰ ঐতিহাসিক উচ্চ স্তৰৰ তুলনাত প্ৰায় ২২ শতাংশ কম অৱস্থাত আছে।

বিশেষজ্ঞসকলৰ মতে, বিশ্ব বজাৰত খাদ্যৰ দাম পুনৰ বৃদ্ধি পোৱাৰ এই প্ৰৱণতাই আগন্তুক সময়ত খাদ্য সুৰক্ষা, আমদানি-ৰপ্তানি ব্যৱস্থা আৰু মুদ্ৰাস্ফীতিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।

Exit mobile version