LPG cylinder prices hike:✒️মধ্যপ্ৰাচ্যত ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিল ভাৰতত ৷ দেশৰ কোটি কোটি নাগৰিকৰ বাবে এটা বেয়া খবৰ ৷ মাজনিশাৰে পৰা হঠাতে বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ মূল্য ৷ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৬০ টকা বৃদ্ধি পোৱাৰ বিপৰীতে বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পালে ১১৫ টকাকৈ। ইতিমধ্যে নতুন নিৰিখ মাজনিশাৰে পৰা কাৰ্যকৰী হৈছে ৷
ADVERTISEMENT
উল্লেখ্য যে ইৰাণ-ইজৰাইলৰ মাজত অব্যাহত থকা তয়াময়া যুদ্ধৰ বাবে এলপিজিৰ ব্যাপক নাটনি ঘনিভূত হৈ পৰে। যাৰবাবে ভাৰত চৰকাৰে দাম বৃদ্ধি পদক্ষেপ লয় বুলি ধাৰণা কৰা হৈছে ৷ হঠাতে LPG চিলিণ্ডাৰৰ মূল্য বৃদ্ধিয়ে পুনৰ ৰামটাঙোন সৰ্বসাধাৰণ জনতাৰ ওপৰত ৷






























