Nagaon:
নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত নগাঁও প্ৰেছ ক্লাৱত দেওবাৰে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে এখনি বিশেষ সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। নগাঁও শাখা লেখিকা সংস্থাৰ সভানেত্ৰী লীনা সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনি মামণি গোস্বামী ভট্টাচাৰ্যই এটি গীত পৰিবেশনেৰে মুকলি কৰে। সংস্থাৰ সম্পাদিকা বন্তি চেতিয়া আৰু সহ: সম্পাদিকা গীতা মহন্ত শইকীয়াই সামগ্ৰিকভাৱে আঁত ধৰা অনুষ্ঠানত লেখিকা উপমা মজুমদাৰে ভাষণ প্ৰদান কৰি আন্তৰ্জাতিক নাৰী দিৱসৰ তাৎপৰ্য সম্পর্কে ব্যাখ্যা কৰে। অনুষ্ঠানত বিশিষ্ট লেখিকা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী খৰ্গেশ্বৰী বৰা আৰু লেখিকা, প্ৰাক্তন শিক্ষয়িত্ৰী কুমকুম বৰুৱাক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত দুয়োগৰাকীয়ে মনৰ ভাব ব্যক্ত কৰে। সেইদৰে লেখিকা ইন্দিৰা গোস্বামী ভট্টাচাৰ্যৰ “আইতাৰ সাধু” নামৰ গ্রন্থ খনি উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী, বিশিষ্ট লেখিকা, নাট্যকৰ্মী গুণদা গোস্বামীয়ে।
গ্ৰন্থখনি উন্মোচন কৰি লেখিকা গুণদা গোস্বামীৰ লগতে উন্মোচিত গ্ৰন্থৰ লেখিকাইও বক্তব্য আগবঢ়ায়। অনুষ্ঠানত সাহিত্যানুৰাগী ক্ৰমে আৰতি শৰ্মা, ৰূপা শইকীয়া, নিজৰা শইকীয়া, পূৰবী চক্ৰৱৰ্তী সূত, অশোক ৰাম ভট্টাচাৰ্য, কিশোৰ দাস,গুণ কান্ত শৰ্মা প্ৰমুখ্যে বহু গণ্য-মান্য লোক উপস্থিত থাকে।































