Home News AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা দুই মহিলা সহ একাধিক বিধায়কৰ লগতে আমছুৰ প্ৰাক্তন সভাপতিৰো স্থান লাভ By publisher 4 months Ago ShareShareShareShare AIUDF Candidate List Announced: আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সোমবাৰে প্রথমখন প্রার্থী তালিকা ঘোষণা কৰে। দলৰ সভাপতি বদৰুদ্দিন আজমলে এক সংবাদমেলত সদৰী কৰা অনুসৰি, নজনীয়া এই তালিকাত দুগৰাকী মহিলা প্রার্থীকো স্থান দিয়া হৈছে। তালিকাত স্থান পাইছে বৰ্তমানৰ একাধিক বিধায়কে। ইপিনে, আমছুৰ প্রাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰৰো নাম এই তালিকাত অন্তর্ভুক্ত হৈছে। লক্ষ্যণীয়ভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণত সাীমা সলনি হোৱাত বর্তমানৰ বিধায়কক আন সমষ্টিত প্রক্ষেপ কৰাও হৈছে এই তালিকাত। ঘোষিত তালিকা অনুসৰি, ৰূপহীহাট সমষ্টিত আহলাজ আমিনুল ইছলাম, মন্দিয়াত ড:ৰফিকুল ইছলাম, পাকাবেতবাৰী মীনাক্ষী ৰহমান, পৰ্বতঝোৰাত আবু তাহেৰ বেপাৰী, গৌৰীপুৰত নিজানুৰ ৰহমান, সৃজনগ্ৰামত ৰেজাউল কৰিম সৰকাৰ, ধিঙত মতিউৰ ৰহমান, বিলাসীপাৰাত চাবানা আকতাৰ আৰু লাহৰীঘাটত ছিদ্দিক আহমদক প্রার্থী প্রক্ষেপ কৰা হৈছে৷ Share this: Share on X (Opens in new window) X Share on Facebook (Opens in new window) Facebook Share on LinkedIn (Opens in new window) LinkedIn Share on WhatsApp (Opens in new window) WhatsApp More Share on Pinterest (Opens in new window) Pinterest Share on Telegram (Opens in new window) Telegram Categories: News Tags: aiudf candidate list announcedAssam Assembly Election 2026Badaruddin Ajmal Related Content তামিলনাডুত নতুন যুগৰ সূচনা! By publisher May 10, 2026 দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই By publisher May 10, 2026 ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ By publisher May 8, 2026 বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন By publisher May 8, 2026 মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ By publisher May 8, 2026 অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি! By publisher May 8, 2026