Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

WhatsApp Image 2026 03 10 at 12.38.09 PM 1

Dilip Saikia:

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে একাংশ সংবাদ মাধ্যমকে ধৰি আন একাংশই সামাজিক মাধ্যমত ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে অপ-প্ৰচাৰ আৰু মিছা বাতৰি পৰিৱেশন কৰা আমাৰ পৰিলক্ষিত হৈছে৷ এনে অপ-প্ৰচাৰত ভোল নাযাবলৈ আৰু কোনো ধৰণৰ অপ-প্ৰচাৰৰ অংশীদাৰ নহ’বলৈ দলৰ সকলো কাৰ্যকৰ্তাক আহ্বান জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই ৷ বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা দলৰ ৰাজ্যিক সভাপতিৰ হৈ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত লগতে স্পষ্ট কৰি দিয়া হয় যে চক্ৰান্তকাৰীৰ অপ-প্ৰচাৰৰ অংশীদাৰ হোৱা দলীয় কাৰ্যকৰ্তাৰ বিৰুদ্ধে প্ৰয়োজন সাপেক্ষে দলে অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰিব৷

উল্লেখযোগ্য যে যোৱা দুদিনমান ধৰি একাংশ সামাজিক তথা সংবাদ মাধ্যমত ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলক ভাৱে পূৰ্বপৰিকল্পিত আৰু ৰহণ সনা ভিত্তিহীন বাতৰি পৰিবেশন কৰি থকা পৰিলক্ষিত হৈছে৷ ভাৰতীয় জনতা পাৰ্টিৰ সম্পাদক গৰাকীয়ে ইতিমধ্যে তেখেতৰ স্থিতি স্পষ্ট কৰিছে আৰু যিগৰাকী ব্যক্তিৰ টেলিফোন ৰেকৰ্ড সংবাদ মাধ্যমত প্ৰচাৰ হৈছে সেই গৰাকী ব্যক্তিয়েও ৰাতুল শৰ্মা সন্দৰ্ভত তেখেতৰ নিজৰ স্থিতি স্পষ্ট কৰি দিছে ৷ সংশ্লিষ্ট ব্যক্তিগৰাকীৰ মতে একাংশ লোকে প্ৰচাৰ কৰা ধৰণে ৰাতুল শৰ্মাৰ লগত চাকৰিৰ সংক্ৰান্তত কোনো ধৰণৰ লেনদেন হোৱাৰ কথা তেখেতে অস্বীকাৰ কৰিছে ৷

যিহেতু উক্ত বিষয়টো দুই পক্ষৰ পৰা ইতিমধ্যে স্পষ্টীকৰণ দিয়া হৈছে সেয়েহে এই বিষয় সন্দৰ্ভত সংবাদ আৰু সামাজিক মাধ্যমক ভৱিষ্যতৰ দিনত দুই পক্ষৰ মতামত গ্ৰহণ কৰিহে বাতৰি পৰিবেশন কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে৷ একাংশ লোকে সামাজিক মাধ্যমত প্ৰকাশ কৰা আৰু একাংশ সংবাদ মাধ্যমে ভুল তথ্যৰ আধাৰত পৰিবেশন কৰা যিকোনো সংবাদ যদি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই শ্বেয়াৰ কৰে নাইবা অন্যধৰণে প্ৰচাৰ কৰে তেতিয়া তেনে কাৰ্যকৰ্তাৰ বিৰুদ্ধেও দলে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব৷ ভাৰতীয় জনতা পাৰ্টিৰ কোনো কাৰ্যকৰ্তাক উদ্দেশ্য প্ৰণোদিত ভাৱে একাংশ লোকে প্ৰচাৰ কৰা ভুৱা বাতৰি বা অন্য ভুল তথ্য কোনো কাৰণতে শ্বেয়াৰ নকৰিবৰ বাবে দলৰ ফালৰ পৰা সকলোকে ৰাজ্যিক সভাপতিয়ে আহ্বান জনোৱা বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে৷

উল্লেখযোগ্য যে আগন্তুক বিধানসভা নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টিয়ে এতিয়া লৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাই৷ দলৰ ৰাজ্যিক সমিতিয়ে কেন্দ্ৰীয় নিৰ্বাচন সমিতিলৈও কোনো পেনেল আদি প্ৰেৰণ কৰা নাই বুলি ৰাজ্যিক সভাপতি শইকীয়াই জানিবলৈ দিয়ে৷ আনহাতে সকলো মিত্ৰ দলৰ সৈতে মিত্ৰতা চূড়ান্ত হোৱা বুলি উল্লেখ কৰি সভাপতিয়ে কয়,“সকলো সহযোগী দলৰ সৈতে বুজাবুজি ইতিমধ্যে চূড়ান্ত কৰি অনুমোদনৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন সমিতিলৈ প্ৰেৰণ কৰা হৈছে৷কেন্দ্ৰীয় সমিতিৰ অনুমোদনৰ পিছতে ইয়াক ৰাজহুৱা কৰা হ’ব৷” কিন্তু একাংশ সংবাদ মাধ্যমে ভুৱা প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি বিভ্ৰান্তি বিয়পাবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে৷ দলৰ তৃণমূলৰ কাৰ্যকৰ্তা আৰু ৰাইজৰ মাজত বিভ্ৰান্তি বিয়পাবলৈ তৃতীয় পক্ষই কৰা এনে প্ৰয়াসত ভোল নাযাবলৈ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আহ্বান জনায় ৷

Exit mobile version