আমেৰিকাৰ ৰেহাই, ৰাছিয়াৰ তেললৈ ভাৰতৰ ডাঙৰ পদক্ষেপ—৩০ মিলিয়ন ব্যাৰেল ক্ৰুড ক্ৰয়

IMG 20260312 105522

Iran-Israel War:✒️বিশ্ব তেল বজাৰত অস্থিৰতাৰ মাজতে ভাৰতৰ তেল কোম্পানীসমূহে প্ৰায় ৩০ মিলিয়ন ব্যাৰেল ৰাছিয়ান ক্ৰুড অইল ক্ৰয় কৰিছে। এই পদক্ষেপ লোৱা হৈছে আমেৰিকাই সাময়িক ৰেহাই (waiver) দিয়াৰ পাছত।

তথ্য অনুসৰি, আমেৰিকাই সীমিত সময়ৰ বাবে এই অনুমতি দিছে যাতে ইতিমধ্যে সমুদ্ৰত লোড হৈ থকা ৰাছিয়াৰ তেল ভাৰতীয় কোম্পানীসমূহে ক্ৰয় কৰিব পাৰে। পশ্চিম এছিয়াত সংঘাত তীব্ৰ হোৱাৰ ফলত বিশ্ব বজাৰত তেল যোগানক লৈ সৃষ্টি হোৱা অনিশ্চয়তাৰ মাজতেই এই সিদ্ধান্ত লোৱা হৈছে।

উদ্যোগ সূত্ৰৰ মতে, ভাৰতৰ বৃহৎ তেল কোম্পানীসমূহ—যেনে ইণ্ডিয়ান অইল কৰ্প’ৰেচন(Indian Oil Corporation) আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড(Reliance Industries)—এই ক্ৰুড অইল ক্ৰয় প্ৰক্ৰিয়াত জড়িত।

বিশেষজ্ঞসকলে কৈছে, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ এই পদক্ষেপে ভাৰতৰ শক্তি সুৰক্ষা নিশ্চিত কৰাৰ লগতে দেশৰ তেল যোগান স্থিতিশীল কৰি ৰাখাত সহায় কৰিব।

বিশ্লেষকসকলৰ মতে, গালফ অঞ্চলত উত্তেজনা বৃদ্ধি পোৱাৰ সময়ত বিকল্প উৎসৰ পৰা তেল সংগ্ৰহ কৰাটো ভাৰতৰ বাবে এক গুৰুত্বপূর্ণ কৌশল হিচাপে দেখা গৈছে।

Exit mobile version