১৯ নং চিদলী-চিৰাং সমষ্টিৰ বাবে ইউপিপিএলৰ নিৰ্বাচনী পৰিচালনা সমিতি গঠন

IMG 20260312 204642

চিৰাং জিলাৰ ইউপিপিএল কাৰ্যালয়ত ১৯ নং চিদলী-চিৰাং বিধানসভা সমষ্টিৰ বাবে এখন নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা হয়। সমিতি গঠন অনুষ্ঠানত উপস্থিত থাকি Rwngwra Narzaryয়ে কয় যে দলৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ আছে আৰু দুই-এদিনৰ ভিতৰতে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ব।

তেওঁ লগতে কয় যে এইবাৰো চিদলী সমষ্টি ইউপিপিএলৰ দখলতে থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে। দল হিচাপে ইউপিপিএলে আগন্তুক নিৰ্বাচনত মুঠ ২১টা আসনত প্ৰাৰ্থী প্ৰদান কৰিব আৰু তাৰ ভিতৰত প্ৰায় ১০-১২টা আসনত জয়লাভ কৰাৰ লক্ষ্য ৰাখিছে বুলি উল্লেখ কৰে।

সাংসদগৰাকীয়ে জনায় যে বিটিচিৰ ১৫টা আসনৰ লগতে বিটিচিৰ বাহিৰৰ আন ৬টা আসনতো ইউপিপিএলে প্ৰাৰ্থী দিব।

ইফালে মিত্ৰতা সন্দৰ্ভতো তেওঁ গুৰুত্বপূর্ণ মন্তব্য কৰে। তেওঁ কয় যে এতিয়ালৈকে ইউপিপিএলে মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি এনডিএৰ অংশ হিচাপে আছে। কিন্তু শেহতীয়াকৈ বিজেপি আৰু বিপিএফৰ কিছু কাৰ্যকলাপ আৰু মন্তব্যৰ পৰা এনে অনুভৱ হৈছে যে তেওঁলোকে একেলগে খেলিব পাৰে।

এই পৰিপ্ৰেক্ষিতত তেওঁ কয় যে যদি মিত্ৰতাৰ পৰা ইউপিপিএল ওলাই আহে, তেন্তে দলটো যিকোনো ৰাজনৈতিক দলৰ সৈতে নতুন মিত্ৰতা গঢ়াৰ পথ মুকলি থাকিব। ৰাজনীতিত এনে পৰিস্থিতি স্বাভাৱিক বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে।

Exit mobile version