Hardeep Singh Puri:✒️মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে দেশত ইন্ধন সংকটৰ আশংকা উত্থাপন হোৱা সময়তে দেশবাসীক আশ্বস্ত কৰিলে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী।(Hardeep Singh Puri)য়ে।
তেওঁ স্পষ্টকৈ জনাইছে যে ভাৰতত পেট্ৰ’ল, ডিজেল অথবা এলপিজি গেছৰ কোনো অভাৱ হোৱা নাই।
সংসদত দিয়া বক্তব্যত মন্ত্ৰীয়ে কয় যে দেশত ইন্ধনৰ পৰ্যাপ্ত মজুত আছে আৰু সমগ্ৰ দেশজুৰি যোগান শৃংখলাও সম্পূৰ্ণ স্বাভাৱিকভাৱে চলি আছে।
সেয়েহে সাধাৰণ নাগৰিকসকলে আতংকিত হোৱাৰ বা অতিৰিক্ত ইন্ধন সঞ্চয় কৰাৰ কোনো প্ৰয়োজন নাই বুলি তেওঁ উল্লেখ কৰে।
তেওঁ লগতে কয় যে ভাৰত এতিয়া বহু দেশৰ পৰা অশোধিত তেল আমদানি কৰে। ফলত কোনো এটা বিশেষ অঞ্চলত উত্তেজনা সৃষ্টি হলেও দেশৰ ইন্ধন যোগানত ডাঙৰ প্ৰভাৱ নপৰে।
চৰকাৰী সূত্ৰ অনুসৰি, দেশত পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান নিশ্চিত কৰিবলৈ বিভিন্ন বিকল্প ব্যৱস্থা সাজু কৰি ৰখা হৈছে। এই ব্যৱস্থাৰ ফলত ইন্ধনৰ যোগান স্বাভাৱিকভাৱে অব্যাহত থাকিব বুলি চৰকাৰে আশ্বাস প্ৰদান কৰিছে।































