APCC:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ থকা অৱস্থাত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ব্যাপক কুজকাৱাজ আৰম্ভ কৰিছে ৷ দিছপুৰৰ মচনদৰ পৰা বিজেপিক উৎখাত কৰিবলৈ চিপিএম ,অসম জাতীয় পৰিষদ আৰু কাৰ্বি পাহাৰৰ জন ইংতি কাথাৰৰ স’তে মিত্ৰজোঁটত আবদ্ধ হোৱাৰ পিছত দলটোৱে ইতিমধ্যেই ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা ৷
আনহাতে দ্বিতীয় খন প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ বাবে নতুন দিল্লীত ঘনে ঘনে বহিছে কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ বৈঠক ৷ বৃহস্পতিবাৰে বিয়লি ৫ বজাত পুনৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শুকুৰবাৰে বিয়লিহে অনুষ্ঠিত হ’ব বৈঠক ৷
এই ক্ষেত্ৰত বহু কেই গৰাকী বৰ্তমানৰ বিধায়কক পুনৰ টিকট দিয়াত বাধা প্ৰদান কৰিছে এআইচিচিৰ এক শক্তিশালী লবি ৷ উল্লেখ্য যে বিজেপিৰে গোপন সম্পৰ্ক ৰক্ষা কৰি থকা কংগ্ৰেছী সকল দল এৰি যাব পাৰে বুলি কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ কঠোৰস্থিতিৰ পিছতে এআইচিচি শক্তিশালী লবিটো সক্ৰিয় হৈ পৰিছে ৷ দিল্লীত শেহতীয়াকৈ বিশেষ চৰ্চা লাভ কৰা এটা বিষয় হৈছে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ , সৰুক্ষেত্ৰীৰ বিধায়ক তথা এপিচিচিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ আৰু লাহৰিঘাটৰ বিধায়ক ডা:আছিফ নাজাৰে এইবাৰ টিকট নোপোৱাৰ সম্ভাৱনা প্ৰৱল ৷
এনে প্ৰেক্ষাপটত তিনিও বিধায়কৰ টিকট পোৱাৰ সমস্ত বিষয়টো নিৰ্ভৰ কৰিছে গৌৰৱ গগৈৰ হস্তক্ষেপৰ ওপৰত ৷ এআইচিচিৰ শক্তিশালী লবীটোক মেনেজ হ’লেহে তিনিও বিধায়কে পুনৰ টিকট পোৱাৰ সম্ভাৱনা আছে ৷ অন্যৰ্থাই বিজেপিৰে সম্পৰ্ক ৰক্ষাৰ কৰাৰ অভিযোগত তিনেও বিধায়কে পুনৰ টিকট নোপোৱাৰ আশংকা ঘনীভূত হৈছে ৷
অৱশ্যে এই সকলোবোৰ বিষয় স্পষ্ট হ’ব শুকুৰবাৰে অসমৰ কংগ্ৰেছৰ দ্বিতীয় খন তালিকা চুড়ান্ত মোহৰ মৰাৰ সন্দৰ্ভত কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ বৈঠকত ৷































