Bijni Ex. MP Hira Sarania:
বিজনীত নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়ে আগবঢ়াব প্ৰাৰ্থীত্ব I জয়ী হোৱাটো দুশ শতাংশ নিশ্চিত I ‘বিজনীত অবড়ো সুৰক্ষা সমিতিৰ অষ্টম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ কৰি প্ৰাক্তন সংসদ নৱ কুমাৰ শৰণীয়াৰ এই দাবী।
চিৰাং জিলাৰ বিজনীত বুধবাৰে অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কমিটিৰ অষ্টম ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ যায়। বিজনীৰ বড়কালিবাৰীত অনুষ্ঠিত কেন্দ্ৰীয় অধিৱেশনত পুৰণা কমিটি ভংগ কৰি জয়নাল আবেদিনক সভাপতি আৰু প্ৰফুল্ল বৰ্মনক সাধাৰণ সম্পাদক হিচাবে লৈ ৪১ জনীয়াকৈ অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কমিটিখন গঠন কৰা হয়। অধিৱেশনৰ কাৰ্যসূচীৰ অংশ হিচাবে বিয়লিৰ ভাগত অনুষ্ঠিত মুকলি সভাত কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াই আগন্তুক বিধানসভা নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টিৰ ফালৰ পৰা বিটিচিৰ প্ৰায় কেইটা সমষ্টিতে প্ৰাৰ্থীত্ব আগবঢ়োৱাই কমেও পাঁচটা সমষ্টিত জিকিব বুলি কয়।তেওঁ লগতে এইবাৰ বিজনী সমষ্টিটো জয়ী হোৱাৰ প্ৰৱল সম্ভাৱনাৰ ক্ষেত্ৰ হৈ পৰিছে পৰিছে বুলি উল্লেখ কৰি সমষ্টিটোত জয়ী হোৱাটো দুশ শতাংশ নিশ্চিত বুলি মন্তব্য কৰে প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াই।
অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা সৰ্বেশ্বৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত প্ৰাক্তন সাংসদ শৰণীয়াৰ উপৰিও বিটিচিৰ মনোনীত পাৰিষদ হেমপ্ৰভা দেৱী অতিথি হিচাবে উপস্থিত থাকে।































