অসম বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটিৰ বৈঠক

প্ৰাৰ্থী নিৰ্বাচনকে ধৰি বিভিন্ন বিষয়ত আলোচনা

FB IMG 1773388377762

Indian National Congress:✒️আজি নতুন দিল্লীত ভাৰতীয় জাতীয় কংগ্ৰেছ( Indian National Congress)ৰ কেন্দ্ৰীয় নির্বাচন কমিটিৰ এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত সভাপতিত্ব কৰে দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে (Mallikarjun Kharge)য়ে।

এই বৈঠকত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী (Rahul Gandhi), সাংগঠনিক সাধাৰণ সম্পাদক কে. চি. বেণুগোপাল(K. C. Venugopal), অসম কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধী (Priyanka Gandhi), অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং(Jitendra Singh)সহ সহ-তত্ত্বাৱধায়কসকল, জ্যেষ্ঠ পৰ্যবেক্ষক আৰু কেন্দ্ৰীয় নির্বাচন কমিটিৰ সদস্যসকল উপস্থিত থাকে।

বৈঠকখনত অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি দলীয় প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়। ইয়াৰ লগতে নিৰ্বাচনী কৌশল, সাংগঠনিক পৰিস্থিতি আৰু আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন গুৰুত্বপূর্ণ বিষয়ৰ ওপৰতো আলোচনা অনুষ্ঠিত হয়।

দলীয় শীৰ্ষ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অসমত আগন্তুক বিধানসভা নিৰ্বাচন শক্তিশালীভাৱে মোকাবিলা কৰাৰ লক্ষ্যৰে পৰৱৰ্তী পদক্ষেপসমূহো আলোচনা কৰা হয়।

Exit mobile version