দেশত ৰন্ধন গেছৰ নাটনি বৃদ্ধি পাইছে ইনডাকচনৰ চাহিদা : অনলাইনত ৩০ গুণ অধিক বিক্রী

meanwhile major e commerce firms have run out of induction hobs amid a surge in demand 120354269 16x9 1

মধ্য প্রাচ্যৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি ইন্ধনৰ সংকটে দেখা দিছে। বিশেষকৈ ৰন্ধন গেছৰ নাটনিয়ে বহু দেশক প্রভাৱিত কৰিছে।

ভাৰততো বিভিন্ন ৰাজ্যত ৰন্ধন গেছৰ সংকটে দেখা দিছে। এনে পৰিস্থিতিত হঠাতে দেশজুৰি ইনডাকচন ষ্ট’ভৰ চাহিদা ঊর্ধ্বমুখী হৈছে।

বিশেষকৈ অনলাইন বাণিজ্য সংস্থাৰ বেবছাইটত এতিয়া ইনডাকচন ক্ৰয়ৰ বাবে অভিলেখ সংখ্যক ক্রেতাই ভিৰ কৰিছে। এমেজন, ফ্লিপকার্ট, ব্লিকিটৰ দৰে অনলাইন শ্ব’পিং ছাইটত ইনডাকচনৰ বিক্রী ইমানে বৃদ্ধি পাইছে যে একাংশ ছাইটে ইনডাকচন কুকটপ তেওঁলোকৰ সংগ্ৰহত নাই বুলি ঘোষণা কৰিলে।

ফ্লিপকার্ট, এমেজন আৰু ব্লিকিটে ঘোষণা কৰা অনুসৰি ইনডাকচন কুকটপ তেওঁলোকৰ সংগ্ৰহত নাই। দিল্লী, মুম্বাই, বাংগালুৰু, চেন্নাই আৰু কলকাতাৰ দৰে চহৰত ইনডাকচনৰ বিক্রী সর্বাধিক হৈছে।

এমেজনে সদৰী কৰা অনুসৰি ইনডাকচনৰ বিক্ৰী হঠাতে ছাইটটোত ৩০ গুণ অধিক হ’ল। ইনডাকচনৰ লগতে সম্প্রতি ই-বাণিজ্য সংস্থাত ইলেক্ট্রিক কেটলি, বাইচ কুকাৰ আৰু অন্যান্য ইলেক্ট্রিক কুকিং সঁজুলিৰ চাহিদা আৰু বিক্রী বৃদ্ধি পাইছে। বন্ধন গেছৰ নাটনিৰ শংকাত গ্রাহকে এতিয়া এই ধৰণৰ ইলেক্ট্রিক বন্ধন সামগ্রী ক্ৰয় কৰিবলৈ বজাৰৰ লগতে ই-বাণিজ্য ছাইটত ভিৰ কৰা বুলি বিশেষজ্ঞই জানিবলৈ দিয়ে।

Exit mobile version