মণিপুৰত নগা-কুকিৰ সংঘৰ্ষৰ পৰিণতিত সেনাসহ ২০ অপহৃত

Untitled design 17 1

Manipur Violence:✒️মণিপুৰত এইবাৰ নগা উগ্রপন্থী সংগঠন এনএছচিএন (আই-এম) আৰু কুকি সংগঠনৰ মাজত সংঘৰ্ষৰ পৰিণতিত কমেও ২০ জন লোকক কুকি স্বেচ্ছাসেৱক বাহিনীয়ে পণবন্দী কৰা

ঘটনাক লৈ উত্তেজনাৰ সৃষ্টি হৈছে। একে সময়তে এনএছচিএনৰ অস্ত্ৰধাৰী সদস্যই কুকি গাঁওৰক্ষী বাহিনীৰ সদস্যক পণবন্দী কৰাৰো অভিযোগ উঠিছে। তদুপৰি দুয়োপক্ষৰ মাজত গুলিচালনা সংঘটিত হয়। উল্লেখ্য যে মণিপুৰৰ নিৰাপত্তা ব্যৱস্থালৈ গভীৰ উদ্বেগ কঢ়িয়াই কুকি স্বেচ্ছাসেবীয়ে সেনা জোৱানকে ধৰি ২০ জন লোকক পণবন্দী কৰে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উখৰুল-ইম্ফল পথত। তথ্য অনুসৰি আৰক্ষী সেনা জোৱানজন ছুটীত আছিল আৰু তেওঁ উখকল জিলাৰ লিটন আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোৰে পাৰ হৈ যাওতে গাড়ী ৰখাই পণবন্দী কৰা হয়। এইদৰে কমেও তিনিখন গাড়ী পথত ৰখাই কুকি স্বেচ্ছাসেৱক বাহিনীয়ে পণবন্দী কৰে লোকসকলক। জনজাতীয় ঐক্য সমিতি (চিঅ’টিইউ) য়ে কয় যে এটা সশস্ত্র নগা গোটে অপ্রৰোচিতভাবে গুলিচালনা কৰাৰ লগতে কুকি স্বেচ্ছাসেবীক আবদ্ধ কৰাৰ প্ৰত্যুত্তৰত এই ঘটনা সংঘটিত হয়। নগাৰ দলে কুকিলৈ গুলিচালনা কৰাৰ লগতে দুজনক পণবন্দী কৰে বুলি অভিযোগ উত্থাপন কৰে চিঅ’টিইউৰ মুখপাত্র লুন কিংপিনে।

ইপিনে, মণিপুৰ আৰক্ষীৰ মতে দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ ফলতে এই ঘটনা হৈছে। আৰক্ষীয়ে কয় যে কুকি আৰু নগাৰ মাজত হোৱা এই সংঘাতৰ সোনকালে অন্ত পৰিব। পণবন্দীৰ মুক্তিৰ বাবে আলোচনা অব্যাহত আছে। এই প্রচেষ্টাৰ স’তে নাগৰিক সমিতিসমূহক জড়িত কৰা হৈছে।

মণিপুৰৰ মুখ্যমন্ত্রী যুমনাম খেমচান্দে এই সংকটক লৈ এক বিবৃতিত গভীৰ উদ্বেগ প্রকাশ কৰে আৰু ২০ আৱদ্ধ লোকক সুৰক্ষিত আৰু চৰ্তহীনভাবে মুকলি কৰি দিয়াৰ বাবে আহ্বান জনাইছে। বিবৃতিত প্রকাশ যে চৰকাৰে বিষয়টো অতি গুৰুত্বসহকাৰে লৈছে আৰু এই কাপুৰুষালি কার্যত জড়িতসকলক গ্ৰেপ্তাৰৰ বাবে সকলো ব্যৱস্থা গ্রহণ কৰিব।

চিঅ’টিইউৰ মুখপাত্র কিংপিনে লগতে কয় যে সশস্ত্র দুর্বৃত্তই কুকি কৃষকসকলৰ ওপৰত গুলিচালনা কৰাৰ বাবে প্রত্যুত্তৰত ঘটনাটো সংঘটিত হয়। সশস্ত্র লোকসকল এনএছচিএন (আইএম)ৰ সদস্য বুলি কয় মুখপাত্ৰগৰাকীয়ে।

তেওঁ কয়, ‘আজি পুৱা ছয় বজাত এনএছচিএনৰ সশস্ত্র সদস্যই অপ্ৰৰোচিতভাবে থৱাই কুকি গাঁৱৰ বাসিন্দাসকললৈ গুলিচালনা কৰে। কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনী আৰু আঠ বিহাৰ ৰেজিমেণ্টৰ জোৱানসকল আহি উপস্থিত নোহোৱা পর্যন্ত আমাৰ গাঁও স্বেচ্ছাসেৱকসকলে কৃষকসকলক সুৰক্ষা দিবলৈ প্ৰত্যুত্তৰ দিবলগীয়া হয়।’

কিংপিনে কয়, ‘তেওঁলোক অহাৰ পাছত দুয়োপক্ষৰ মাজত গুলিচালনা বন্ধ হয়। কিন্তু আমাৰ দুজন স্বেচ্ছাসেৱকক বন্দী কৰা হয়। ভৰিত গুলি লগাৰ পাছতো এজনে পলায়ন কৰে যদিও আনজনৰ এতিয়ালৈ কোনো খবৰ নাই।’

তেওঁ কয় যে আনটো পক্ষৰ লোককো কুকি স্বেচ্ছাসেবকসকলে বন্দী কৰিছে। তেওঁ কয়, ‘সিহঁতৰ মানুহকো বন্দী কৰা হৈছে যদিও কোনেও এই সম্পর্কে কোৱা নাই। আলোচনা অব্যাহত আছে।’

অৱশ্যে আৰক্ষীয়ে সশস্ত্র নগা দুর্বৃত্তই গাঁওখনত প্ৰৱেশৰ দাবী অস্বীকাৰ কৰি কয় যে এই ঘটনা দুটা সম্প্রদায়ৰ মাজত সংঘৰ্ষৰ ফলত হৈছে। আৰক্ষী বিষয়াই কয়, ‘দুটা সম্প্রদায়ৰ মাজত কাজিয়া-পেচাল লাগে কিছুমান লোক সন্ধানহীন হৈছিল আৰু ইয়াৰ প্ৰত্যুত্তৰত উখকল-ইম্ফল পথত গাড়ী ৰখাই কেইজনমানৰ পণবন্দী কৰি লৈ যায়।’ তেওঁ জনোৱা মতে আলোচনা শেষ পর্যায়ত আছে আৰু অতি সোনকালে পণবন্দীসকলক মোকলাই দিয়া হ’ব।

Exit mobile version