Zubeen Garg Murder Case:আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ সাত অভিযুক্তৰ ভার্চুৱেলী হাজিৰ কৰিব সত্র ন্যায়াধীশৰ আদালতত

গোচৰটোৰ পৰৱৰ্তী শুনানি আছে ১৯ মার্চত, ছিংগাপুৰৰ কৰনাৰ্ছ ক'ৰ্টত জুবিন গাৰ্গৰ মৃত্যুক লৈ চলি থকা তদন্তৰ আজি চুড়ান্ত ৰায় প্ৰদানৰ সম্ভাৱনা !

WhatsApp Image 2026 03 13 at 12.27.53 PM

Zubeen Garg Murder Case:

হিয়াৰ আমঠু জুবিন গাৰ্গ হত্যা গোচৰৰ ৭ অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত,সিদ্ধার্থ শর্মা, শেখৰজ্যোতি গোস্বামী,অমৃতপ্রভা মহন্ত, সন্দীপন গাৰ্গ আৰু জুবিনৰ দুই পিএছঅ’ নন্দেশ্বৰ বৰা পৰেশ বৈশ্যক শুকুৰবাৰে কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হ’ব ৷ উল্লেখ্য যে সমগ্ৰ গোচৰটোৰ পৰৱৰ্তী শুনানি হ’ব ১৯ মার্চত ৷সেই দিনাৰ পৰাই পৰা অভিযুক্তসকলৰ ছাৰ্জফ্ৰেম হোৱাৰ সম্ভাৱনা আছে ৷

আনহাতে সকলো উৎকণ্ঠাৰ অন্ত পেলাই ছিংগাপুৰৰ কৰনাৰ্ছ ক’ৰ্টত জুবিন গাৰ্গৰ মৃত্যুক লৈ চলি থকা তদন্তৰ আজি চুড়ান্ত ৰায় প্ৰদানৰ সম্ভাৱনা । বিগত তিনিদিন ধৰি অব্যাহত থকা আছিল গোচৰৰ শুনানি I

Exit mobile version