Assembly Election Code of Conduct in Assam:আজিৰ পৰা ৰাজ্যত তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি

WhatsApp Image 2026 03 16 at 6.02.18 PM

Assembly Election Code of Conduct in Assam:

দেশৰ নিৰ্বাচন আয়োগে অসম সহ পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত সোমবাৰৰ পৰা আচৰণবিধিক লৈ ৰাজ্যজুৰি জাৰি হ’ল লৈ কঠোৰ নীতি-নিয়ম ৷ এতিয়াৰ পৰা নিয়ম উলংঘা কৰিলেই বিপদ নিশ্চিত হ’ব প্রার্থী,মন্ত্রী-বিধায়কৰ৷

সোমবাৰৰ পৰা নির্বাচনী প্রচাৰত কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীক ৷ শাসকীয় দলৰ মন্ত্ৰী-বিধায়কে চৰকাৰী খৰচত ব্যৱহাৰ কৰিব নোৱাৰিব যিকোনো বাহন-বিমান ৷ একেদৰে অন্য দলৰ প্রার্থীক বঞ্চিত কৰি ব্যৱহাৰ কৰিব নোৱাৰিব ৰাজহুৱা স্থান, হেলিপেড ৷চৰকাৰী বাসস্থান, পৰিদৰ্শন বাংলাত নচলিব একচেটিয়া অধিকাৰ ৷ কাকত, সংবাদ মাধ্যমত ৰাজকোষৰ ধনেৰে কৰিব নোৱাৰিব দলীয় প্ৰচাৰ ৷
কোনো মন্ত্রী- বিধায়কে ক’তো ঘোষণা কৰিব নোৱাৰিব নতুন অনুদান ৷

তদুপৰি ক’তো আঁচনি, প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব নোৱাৰিব মন্ত্ৰী-বিধায়কে ৷ভোটাৰৰ মাজত কোনো প্রার্থী, নেতাই বিতৰণ কৰিব নোৱাৰিব বিনামূলীয়া সামগ্রী ৷একেদৰে ভোটাৰক নেতা বা প্রার্থীয়ে বাধা বা বিৰক্তি দিব নোৱাৰিব ৷সকলো ভোটাৰক সমানে স্বাধীনতা প্রদান কৰিব লাগিব৷

আনহাতে ভোট গ্রহণৰ দিনটোৰ ৪৮ ঘণ্টাৰ পূৰ্বৰে পৰা সুৰা পৰিৱেশন, বিতৰণ নিষিদ্ধ কৰা হৈছে ৷দলীয় ৰেলী উলিওৱাৰ পূৰ্বে স্থানীয় আৰক্ষী-প্ৰশাসনৰ অনুমতি বাঞ্চনীয় ৷ দলীয় সভা, সমিতি আয়োজনৰ পূৰ্বে লাউড স্পীকাৰ ব্যৱহাৰৰ অনুমতি লোৱাটো বাধ্যতামূলক ৷

কোনো নেতাই জাতি, ধৰ্মক লৈ দিব নোৱাৰিব ভাষণ দিয়াত বাধাৰোপ কৰা হৈছে ৷ সাম্প্রদায়িক সংঘর্ষ সৃষ্টিকাৰী মন্তব্য দিব নোৱাৰিব কোনো নেতা, প্রার্থীয়ে ৷
প্রতিদ্বন্দ্বী প্রার্থীক সমালোচনা কৰোতে ব্যক্তিগত জীৱনত টার্গেট কৰিব নোৱাৰিব ৷ মছজিদ, গীর্জা, মন্দিৰক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ৷

আনহাতে কোনো ব্যক্তিৰ মাটি, অট্টালিকা চৌহদত অনুমতি অবিহনে নির্বাচনী প্ৰচাৰ নিষিদ্ধ কৰে নিৰ্বাচনী আয়োগে ৷

Exit mobile version