Nagaon:নগাঁও জিলা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ শাখা গঠন

কবিতা পাঠ আৰু গ্ৰন্থ উন্মোচনী সভা

WhatsApp Image 2026 03 15 at 9.22.51 AM

Nagaon:

অখিল ভাৰতীয় সাহিত্য পৰিষদ,নগাঁও জিলা আৰু পুৰণিগুদাম কবি সন্মিলনৰ যুটীয়া উদ্যোগত পুৰণিগুদামৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যলয়ৰ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত পুৰণিগুদামৰ সুসন্তান প্ৰয়াত কবি নৱকান্ত বৰুৱাৰ জন্মশতবৰ্ষ উপলক্ষে এখনি কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়।পুৰণিগুদাম কবি সন্মিলনৰ যুটীয়া সচিব ড° মণ্টুল কুমাৰ শৰ্মাই আঁতধৰা আৰু পুৰণিগুদাম কবি সন্মিলনৰ সভাপতি তথা অঃ ভাঃ সাঃ পৰিষদ,নগাঁও জিলাৰ সচিব নবীন কলিতাই উদ্দেশ্য বাখ্যা কৰা সভাখনিত সভাপতিত্ব কৰে নগাঁও জিলা অঃ ভাঃ সাঃ পৰিষদৰ সভাপতি ড° দিলীপ শৰ্মাই।সভাত আদৰণী ভাষন প্ৰদান কৰে ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° সোমনাথ বৰাই।

আমন্ত্ৰিত অতিথি নগাঁও খাগৰিজান মহাবিদ্যলয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে অনুপ্ৰেৰণা মুলক ভাষন আগবঢ়াই। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি শিশু বন্ধু দুলাল বৰাৰ টেবুল গ্ৰন্থ মেলা উন্মোচন কৰে অনিল বৈৰাগীয়ে।চৰাইবাহী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা তথা অঃ ভাঃ সাঃ পৰিসদ,মৰিগাঁও জিলাৰ সভাপতি ৰেখামণি বুঢ়াগোঁহায়ে সন্মানীয় অতিথি হিচাপে থকা সভাত নবীন কলিতাই ৰচনা কৰা আৰু নগাঁও জিলা অঃ ভাঃ সাঃ পৰিষদৰ সভাপতি তথা নগাঁও মহাবিদ্যালয়ৰ প্ৰক্তন উপাধ্যক্ষ ড° দিলীপ শৰ্মাই হিন্দীলৈ অনুবাদ কৰা “নগঞা শইকীয়া ভোটাই ডেকা” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে অসমৰ অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সচিব প্ৰধান ড° প্ৰণতি তালুকদাৰ মুদিয়াৰে।

উক্ত সভাতে ৰাষ্ট্ৰীয় অনুষ্ঠান অঃ ভাঃসাঃ পৰিষদৰ পুৰণিগুদাম শাখা এটি গঠন কৰে।অনুষ্ঠানটো আৰম্ভনীৰ পুৰ্বে প্ৰখ্যাত কবি নৱকান্ত বৰুৱাৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা জ্ঞাপন কৰে অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ত্ৰিদীপ লস্কৰে আৰু তেখেতৰ পৰিচালনাতে কবিতা পাঠৰ অনুষ্ঠান আৰম্ভ কৰা হয়।অসমৰ অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভাপতি মৃনালিনী দেবীয়ে দুৰভাষৰ মাধ্যমেৰে নৱগঠিত সমিতিলৈ শুভেচ্ছা জনাই এটি কবিতা পাঠ কৰি শুনাই।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এটি গীতৰে প্ৰফুল্ল বৰাই শুভাৰম্ভ কৰা কবিতা পাঠৰ অনুষ্ঠানটোত ড° দিলীপ শৰ্মা,নাৰায়ন কলিতা, অশোক ৰাম ভট্টাচাৰ্য, সুনিল শৰ্মা,নীলৰঞ্জন শৰ্মা,গুণ কান্ত শৰ্মা, কাবেৰী মহন্ত,স্বপ্না দেৱী,জেউতি হাজৰিকা,উজ্জলজ্যোতি দাস,অনিল কুমাৰ শৰ্মা,ইন্দিৰা গোস্বামী ভট্টাচাৰ্য,কিশোৰ দাস,লক্ষিমী মহন্ত,মিচিমী মহন্ত,জগমোহন শৰ্মা,কবিতা দাস, অনুভৱ বৰাকে প্ৰমুখ্য কৰি প্ৰায় দুকুৰিমান কবিয়ে কবিতা পাঠ কৰি সভাখনি উদ্‌জ্জীৱিত কৰি তোলে।

Exit mobile version