AJP Candidate List Announced:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স: কংগ্ৰেছৰ নেতৃত্বত গঠন কৰা বিৰোধী মৰ্চাৰ চিপিএম,এপিএইছএলচিয়ে সোমবাৰে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত মঙলবাৰে অসম জাতীয় পৰিষদেও প্ৰাৰ্থী তালিকা ঘোষণা কৰে ৷ মহানগৰীৰ অজাপৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত তালিকা খন ঘোষণা কৰে লুৰিণজ্যোতি গগৈয়ে I ৷সংবাদমেলত অজাপৰ কাৰ্যকৰী সভাপতি ৰাজেন গোঁহাই,সাধাৰণ সম্পাদক জগদীশ ভূঞাও উপস্থিত থাকে ৷
আঠজনীয়া তালিকাত স্থান লাভ কৰা সকলৰ ভিতৰত আছে দলটোৰ মুৰব্বী লুৰিণজ্যোতি গগৈ ৷ গগৈয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব খোৱাঙৰ পৰা ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা দলটোৰ কাৰ্যকৰী সভাপতি ৰাজেন গোঁহাইত প্ৰাৰ্থীত্ব দিয়া হৈছে নগাঁও জিলাৰ বঢ়মপুৰত ৷
প্ৰাৰ্থীত্ব লাভ কৰা আন আন প্ৰাৰ্থী সকল হ’ল ডিব্ৰুগড়ত মৈনাক পাত্ৰ,পলাশবাৰীত পংকজ লোচন গোস্বামী,বজালীত দিলীপ বৰুৱা ,সৰুপথাৰত জীৱন চুতীয়াক,বিন্নাকান্দিত ৰেজাউল কৰিম চৌধুৰীক I






























