Gaurav Gogoi:
আজি গহপুৰত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৷ গহপুৰস্থিত কংগ্ৰেছৰ কাৰ্য্যালয়ত উপস্থিত হৈ কংগ্ৰেছৰ কৰ্মীসকলক আগন্তুক দিনত অতি উদ্যমেৰে কাম কৰিবলৈ উৎসাহ জনায় ৷ যোৱাকালি কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰত্যাশী হেমন্ত বিজয় মহন্তই টিকটৰ পৰা বঞ্চিত হৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ পিছতেই আজি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ গহপুৰত উপস্থিত হয় ।
গৌৰৱ গগৈয়ে ভাষনৰ মাজতে কংগ্ৰেছৰ কৰ্মী সকলক উদ্দেশ্যে কয় যে প্ৰাৰ্থী আজি আহিছে কাইলৈ ওলাই যাব কিন্তু আপোনালোক সংগঠনৰ কাৰনে লাগি আছে লাগি থাকিব লাগিব, পুনৰ নতুন উদ্যমেৰে আপোনালোকে আকৌ লাগিবৰ সময় আহি পালে ৷ এইবাৰ যুজ এখন হব, এইবাৰ প্ৰাৰ্থী তালিকাৰ ক্ষেত্ৰত নতুন মুখৰ গুৰুত্ব দিয়া হৈছে ৷ এইবাৰ প্ৰাৰ্থী তালিকাত এনেকুৱা বহু নতুন মুখ আছে যিয়ে এতিয়ালৈকে নিৰ্বাচনত অৱতীৰ্ণই হোৱা নাই ৷
সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সংবাদ মাধ্যমৰ আগত সভাপতি গগৈয়ে নিৰ্বাচন আয়োগক সমালোচনা কৰাৰ লগতে নিৰপেক্ষ ভাৱে কাম কৰি যাবলৈ আহ্বান জনায়।প্ৰদ্যুত বৰদলৈ সম্পৰ্কত সোধা প্ৰশ্নত ফালৰি কাটি কথা কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে । এইবাৰ যদি কংগ্ৰেছ চৰকাৰ আহে তেনেহলে তিনিমাহৰ ভিতৰত জুবিন ক্ষেত্ৰৰ আন্ত:গাঠনি উন্নয়ন কৰা হব ৷ লগতে আজিৰ সভাতেই বিভিন্ন দলৰ পৰা অহা প্ৰায় ২৫ গৰাকীৰো অধিক নেতাই কংগ্ৰেছত যোগদান কৰে।






























