NIA Raids:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী চহৰ দিল্লী সহ ৩ মহানগৰত নিয়াৰ মাৰাথন অভিযান ৷ সন্ত্রাসবাদী কার্যকলাপত জড়িতৰ অভিযোগত দিল্লী, লক্ষ্ণৌ আৰু কলকাতাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ৭ বহি:ৰাষ্ট্ৰৰ নাগৰিকক ৷ নাগৰিক কেইজনৰ ৬ ইউক্রেইনৰ আৰু এজন মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৷ধৃত সাতজনে ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰত সন্ত্রাসবাদী প্রশিক্ষণ দিয়াৰ লগতে অবৈধ প্ৰৱেশ, অস্ত্র-শস্ত্ৰ আৰু ড্ৰ’নৰ প্ৰশিক্ষণত জড়িত থকাৰ অভিযোগ৷ আনকি ইউৰোপৰ পৰা ড্ৰোণ আমদানি কৰাৰ অভিযোগ সাত বিদেশী নাগৰিকৰ বিৰুদ্ধে ৷
ইতিমধ্যে আটকাধীন সাতোজন নাগৰিকক নিয়াই আদালতত হাজিৰ কৰাই ১১ দিনৰ বাবে নিজৰ জিন্মাত লৈছে আৰু অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷
