Helicopter:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনত নিজ দলৰ হৈ প্ৰচাৰাভিযানৰ বাবে হেলিকপ্টাৰ উৰুওৱাৰ প্রতিযোগিতাত নামি পৰিছে বিভিন্ন ৰাজনৈতিক দল ৷ বিশেষকৈ শাসকীয় বিজেপি দলে এতিয়ালৈকে ছখন হেলিকপ্টাৰৰ ব্যৱস্থা কৰিছে ৷ পৰৱৰ্তী সময়ত আৰু তিনি- চাৰিখন হেলিকপ্টাৰ আনিবৰ বাবে য়োগাযোগ কৰিছে প্ৰতিষ্ঠান কেইটাৰ স’তে ৷
ADVERTISEMENT
আনহাতে বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদে ২ খন বিপিএফে ১ খন আৰু বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফে ১ খনকৈ হেলিকপ্টাৰ প্ৰচাৰাভিযানত ব্যৱহাৰ কৰিব।
কংগ্ৰেছেও অন্তত ৩ খন হেলিকপ্টাৰ প্ৰচাৰ কাৰ্যত ব্যৱহাৰ কৰিব বুলি জানিব পৰা গৈছে। ৭ এপ্ৰিল’লৈকে অসমৰ আকাশত ইখনৰ পিছত সিখনকৈ হেলিকপ্টাৰে উৰিব ৷































