Nomination Field:
ৰাজ্যৰ সকলো কেইটা ৰাজনৈতিক দলে কাৰ্যত প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত আজিৰে পৰা আৰম্ভ হ’ল মনোনয়ন দাখিল পৰ্ব । গুৱাহাটী সহ ৰাজ্যৰ বহু সমষ্টিত শুকুৰবাৰে মনোনয়ন দিব কে’বা গৰাকী হেভীৱেট প্রার্থীয়ে ৷ ইয়াৰ ভিতৰত আছে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা সহ তেওঁৰ কেবিনেটৰ বহু কেই গৰাকী মন্ত্ৰী – বিধায়কৰ লগতে কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ হাইপ্ৰফাইল প্ৰাৰ্থীয়ে ৷
ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলত পুৱাৰে পৰা অব্যাহত থকা কিনকিনিয়া বৰষুণকো নেওচি গুৱাহাটীত বিশাল ৰেলীৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বিশাল ৰেলীৰে
মনোনয়ন দাখিল কৰিবলৈ যোৱাৰ বিপৰীতে জাগীৰোডত মন্ত্ৰী পীয়ূষ হাজৰিকায় ,নগাঁৱত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই দাখিল কৰিব মনোনয়ন ৷
আনহাতে তেজপুৰত ঢেকিয়াজুলি সমষ্টিৰ বিজেপি প্রার্থী মন্ত্ৰী অশোক সিংহলে , বৰছলাৰ বিজেপি প্রার্থী ৰিতুবৰণ শৰ্মা, কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুণ বৰাই দলীয় নেতা-সমর্থকক লগত লৈ তেজপুৰত দিব মনোনয়ন।































