Ramendra Narayan Kalita:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–মধ্য গুৱাহাটীত পুনৰ অগপ প্ৰাৰ্থীত্ব লাভ কৰিব বুলি নিশ্চিত হৈ থাকিও অৱশেষত আসন খন অগপ নেতৃত্বই বিজেপিক এৰি দিয়াৰ ফলস্বৰূপে বঞ্চিত হ’ল ৰমেন্দ্ৰ নাৰায়ণ কলিতা ৷ যাৰফলস্বৰূপে ক্ষোভিত বৰ্ষীয়ান নেতা গৰাকীয়ে শুকুৰবাৰে সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰে।
উল্লেখ্য যে অসম আন্দোলনৰ অগ্ৰণী নেতা তথা অগপৰ অন্যতম প্ৰতিষ্ঠাপক কলিতা একেৰাহে পশ্চিম গুৱাহাটী( বৰ্তমান মধ্য গুৱাহাটী) সমষ্টিৰ বিধায়ক ৰূপে নিৰ্বাচিত হৈ আহিছিল ৷
